দুৰ্ঘটনাত নিহত ৭ ছাত্ৰলৈ শ্ৰদ্ধাঞ্জলি অসম তৃণমূল যুৱ কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জালুকবাৰীত সংঘটিত হোৱা ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰৰ আত্মাৰ সদগতি কামনাৰে সভাপতি বন্দীপ দত্তৰ নেতৃত্বত অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ পৰা মহানগৰীৰ গণেশগুৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সতীৰ্থসকলোৱেও উপস্থিত থাকি মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দলৰ নেতা-কৰ্মীসকলে মৃত্যুক সাৱটি লোৱা মেধাৱী ছাত্ৰকেইজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনায়।অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি দত্তই ৭ গৰাকীকৈ যুৱকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰে ৰাজহ সংগ্ৰহৰ গইনা লৈ যধে মধে সুৰাৰ বিপণী স্থাপনৰ অনুজ্ঞাপত্ৰ দি আচলতে অসমৰ নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিব খুজিছে বুলি সমালোচনা কৰে। এই ক্ষেত্ৰত আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ৰাজহ মন্ত্ৰী যোগেন মহনক উচিত পদক্ষেপ লৈ সুৰাৰ বিপণীৰ অবাধ অনুমতি দিয়া প্ৰক্ৰিয়া বন্ধ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বলৈ দাবী জনায়।