দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ : এটি অৱলোকন
নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা
অতি প্ৰাচীন কালৰে পৰা পৃথিৱীৰ সকলো প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভাবে নাৰী দেৱীৰ পূজা উপাসনা চলি আহিছে। নাৰী মূৰ্ত্তিৰ ভিতৰত
অষ্ট্ৰিয়াৰ উইলেনডৰ্ফৰ এটি মন্দিৰৰ ভগ্নস্তুপৰ খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় বিছ হেজাৰ বছৰ পুৰণি চুনশিলেৰে নিৰ্মিত এক প্ৰকাণ্ড স্ফীতোদৰা নাৰী মূৰ্ত্তি।
এই নাৰী মূৰ্ত্তিকেই ভেনাছ বা মহামাই বুলি গণ্য কৰা হয়। আমাৰ দেশতো দূৰ্গাদেৱীক মহামাই বুলিও কোৱা হয়।
ইয়াৰ উপৰিও চাইবেৰিয়া, ইজিপ্তৰ আইচিচ দেৱী গ্ৰীক ভূ মাতৃ ডিমিটাৰ , মেস্কিকো পেৰু বেবিলন ৰোমৰ উপাস্য দেৱী ভেনাছ আৰু ডায়েনা আফ্ৰিকাৰ বিভিন্ন অঞ্চল, চীন, জাপান ইত্যাদি দেশত ভূমিদেৱীক (কৃষিদেৱী ) বিভিন্ন ৰূপত পূজিত হয়।
নৃতত্ববিদ সকলৰ মতে পৃথিৱীত আনুষ্ঠানিক ধৰ্মসমূহ প্ৰৱৰ্তন হোৱাৰ আগতে আদিম মানৱ সমাজ নাৰী-প্ৰধান আছিল। নাৰীয়েই আছিল সমাজৰ চালিকা শক্তি। এনেকি মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ধাৰা প্ৰবাহিত হৈ যি কৃষি ভিত্তিক সমাজ- ব্যৱস্থা গঢ়ি উঠিছিল এই কৃষি-কাৰ্যৰ মূল হোতাই আছিল নাৰী। ইতিহাসবিদ জে দি বাৰ্ণালে “Science in History”গ্ৰন্থত উল্লেখ কৰিছে যে, নাৰী সকলে শস্য সংগ্ৰহ কৰিছিল, নাঙল আৱিষ্কাৰ হোৱাৰ আগতে খণ্টি আদি অস্ত্ৰ ব্যৱহাৰ কৰি নাৰীসকলে শস্যৰ গুটি বা শিপা উভালি গাঁত খান্দি শস্য ৰোপন কৰিছিল। এতিয়াও জনজাতীয় লোকসকলে এই পদ্ধতিৰে পাহাৰত জুম খেতি কৰা দেখা যায়। ইতিহাসবিদ
গাইলচৰ মতে যেতিয়াPC Pratidin Time জনজাতীয় পুৰুষসকলে বনে বনে চিকাৰ কৰাত ব্যস্ত আছিল, তেতিয়া নাৰীসকলে বাসস্থানৰ ওচৰে পাজৰে জোঙা কাঠৰ টুকুৰা বা শিলৰ কোৰেৰে মাটি খান্দোতে কৃষি কাৰ্যৰ আৰম্ভণি।ব্ৰিফল্ট দেৱী প্ৰসাদ চট্টোপাধ্যায়ো নাৰীয়েই কৃষি কাৰ্যৰ আৱিষ্কাৰক বুলি কৈছে।
আদিম মানৱ সমাজ ব্যৱস্থাত নাৰী কেৱল কৃষি কাৰ্যৰ আৱিষ্কাৰক নহয়, তেওঁলোক উৰ্বৰতাৰো প্ৰতীক। সমাজত বিবাহ- পদ্ধতি প্ৰচলন নোহোৱাৰ আগলৈকে নাৰীসকলে প্ৰিয়জনৰ সৈতে অবাধ ভাবে যৌন-জীৱন পালন কৰিছিল। ছান্দোগ্য উপনিষদৰ চতুৰ্থ অধ্যায়ত বৰ্ণিত আখ্যান সত্যকাম- জাবানলৰ কাহিনীৰ পৰাও ইয়াৰ প্ৰমান পোৱা যায়। জাবানে গুৰু গৌতমৰ ওচৰত শিক্ষালাভ কৰিবৰ বাবে যোৱাৰ সময়ত মাক জাবানলক গোত্ৰৰ কথা সোধাত মাতৃয়ে তেওঁৰ পিতৃ পৰিচয় বা গোত্ৰৰ পৰিচয় নাই বুলি কৈছিল। যি কি নহওঁক, সেই সময়ত বহুত পুৰুষে নাৰীৰ সংগ-সুখ লাভ কৰিবলৈ নাৰীক দেৱীৰ শাৰীত তুলি ধৰি অনুনয় বিনয় কৰিছিল। তাৰ পৰাই নাৰী দেৱীৰ পূজা উপাসনা আৰম্ভ হৈছিল বুলি নৃতত্ববিদ সকলে কব বিচাৰে। পৰৱৰ্তী কালত নাৰীক কেন্দ্ৰ কৰি সৰু সৰু গোটসমূহৰ মাজত দ্বন্দ্ব – সংঘাত সৃষ্টি হোৱাত শক্তিশালী গোটে দূৰ্বল গোটৰ মানুহক বলি দি নিজৰ গোটৰ মুখ্য নাৰীগৰাকীক সন্তোষ্ট দান কৰিছিল। তাৰ পৰাই নৰবলি প্ৰথা প্ৰচলিত হৈছিল বুলি কোৱা হয়।
কিন্তু, অতি প্ৰাচীন কালৰে পৰা পৃথিৱীৰ প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভাবে নাৰী দেৱীৰ পূজা উপাসনাৰ ক্ষেত্ৰত নাৰীক ধৰিত্ৰী মাতৃৰূপে, ভূমি মাতৃৰূপে বা কৃষিদেৱী ৰূপে পূজা উপাসনা কৰা দেখা যায়।
এতিয়া,আমি দুৰ্গোৎসৱ বা দুৰ্গা দেৱীৰ পূজা-অৰ্চনা কৰাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে লিখিবলৈ প্ৰয়াস মতকৰিম।
ভাৰতত অতি প্ৰাচীন কালৰে পৰাই নাৰী-ৰূপী আদ্যাশক্তিৰ বিকাশ আৰু বিস্তৃতি ঘটিছে।
ঋকবেদৰ” দেৱীসুক্ত” ত দেৱীয়ে নিজে ঘোষণা কৰিছে যে, তেওঁৰ মহিমা সুদূৰ-প্ৰসাৰী । আৰু সি দুল্যোক পাৰ হৈ পৃথিৱীকো চেৰাই গৈছে। তেওঁ দেৱী সনাতনী নিত্যা সৃষ্টি, পালন আৰু সংহাৰকাৰিণী মহাশক্তি। সেই কাৰণে নাৰীদেৱী আৰু শক্তিদেৱীৰ উপাসনা তত্ত্ব বা মাৰ্গ নৃতাত্বিক আৰু সাংস্কৃতিক সংশ্লেষণ বুলি গণ্য কৰা হয়।
দুৰ্গোৎসৱৰ উৎপত্তিৰ মূল আধাৰ হ’ল অশুভ শক্তিৰ প্ৰতীক অসুৰক বধ কৰি শুভ শক্তিৰ প্ৰতীক দেৱতাসকলক ৰক্ষা কৰা। যেতিয়া মহীষাসুৰৰ অত্যাচাৰত ব্যতিব্যস্ত হৈ দেৱতাসকলে ব্ৰহ্মক কাকতি -মিনতি কৰিছিল, তেতিয়া ব্ৰহ্মই দেৱতাসকলৰ পৰা তেজ, মঙহ,হাড় আদি লৈ আদ্যাশক্তি দূৰ্গাদেৱীক সৃষ্টি কৰি মহিষাসুৰক বধ কৰি দেৱতাসকলক ৰক্ষা কৰিছিল। দুৰ্গা পূজাৰ অবিচ্ছেদ্য অঙ্গ হিচাপে ” চণ্ডীপাঠ” ত উল্লেখ আছে যে, প্ৰকৃততে পৰম ব্ৰহ্মই বিভিন্ন মায়া কৰি দুৰ্গা- চণ্ডী,কালী-তাৰা , ভূৱনেশ্বৰী বগলা ,ছিন্নমস্তা, উমা ,পাৰ্বতী, মহিষমৰ্দিনী আদি বিভিন্ন ৰূপ লৈ আদ্যাশক্তিৰূপে মহিষাসুৰ আৰু ৰক্তবীজ আদি অসুৰক বধ কৰিছিল। পৰম ব্ৰহ্মৰ আদ্যাশক্তিক উদ্দেশ্য কৰি সংস্কৃত শ্লোকত কোৱা হৈছে যে, ” যা দেৱী সৰ্বভূতেষু, মাতৃ-ৰূপেন সংস্থিতা, নমস্তসৈ, নমস্তসৈ নমঃ নমঃ ” দুৰ্গা পূজাৰ সময়ত দেৱীক উদ্দেশ্যি পুৰোহিতো মন্ত্ৰ উচ্চাৰণ কৰে এইবুলি যে,
” ধনং দেহি, যশং দেহি, বিদ্যাং দেহি, দ্বিষো জহি।” অৰ্থাৎ শত্ৰুহীন ধন, যশ আৰু বিদ্যা দিয়া ।
দেৱী ভাগৱত অনুসৰি প্ৰথমতে সুৰথ ৰজাই দুৰ্গা পূজা আৰম্ভ কৰিছিল। তাৰ পিছত ৰজা ৰামচন্দ্ৰই ৰাক্ষস ৰাৱণক অকাল বোধন কৰিবলৈ শৰৎ কালত দুৰ্গোৎসৱৰ সূচনা কৰিছিল।
মহাভাৰতত মহিষাসুৰ হন্তা হিচাপে স্কন্ধ শিৱ আৰু দুৰ্গাৰ নাম পোৱা গৈছে। বৰ্তমান দুৰ্গাৰ ৰণমুখী ৰূপ অগ্নি পুৰাণৰ পৰা আহিছে। প্ৰকৃততে আৰ্যসকল ভাৰতত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোক আছিল প্ৰকৃতিৰ পূজাৰী। প্ৰকৃতিৰ বিভিন্ন শক্তিক আৰ্য সকলে সূৰ্য, চন্দ্ৰ ইন্দ্ৰ বৰুণ অগ্নি আদি বিভিন্ন ৰূপত উপাসনা কৰিছিল। কিন্তু ভাৰতত প্ৰৱেশ কৰাৰ পিছত অনাৰ্যসকলৰ লগত সংমিশ্ৰণ হোৱাৰ ফলত আৰ্যসকলে বিভিন্ন দেৱ-দেৱীৰ পূজা উপাসনা আৰম্ভ কৰিছিল। বিশেষকৈ শাক্ত ধৰ্মৰ অৱলম্বনত তেওঁলোকে বিভিন্ন নাৰী দেৱীৰ পূজা উপাসনা আৰম্ভ কৰিছিল । এই নাৰী দেৱীসকল হ’ল,দুৰ্গা, ত্ৰিপুৰী বা ষোড়শী, কালী, তাৰা, ভূৱনেশ্বৰী, বাঘেশ্বৰী, সিদ্ধেশ্বৰী, বগলা, অৰুন্ধতী ছিন্নমস্তা,উমা,পাৰ্বতী, অন্নপূৰ্ণা,জগদ্ধাত্ৰী, মহিষমৰ্দিনী, মনসা,সৰস্বতী, গায়ত্ৰী ইত্যাদি।
প্ৰথমতে আৰ্যসকলে এই দেৱী সমূহক কেৱল উপাসনাহে কৰিছিল। পৰৱৰ্তী অনাৰ্যসকলৰ সংস্পৰ্শলৈ আহি মূৰ্তিপূজা ( পুষ্প দি সেৱা) আৰম্ভ কৰিছিল।
ভাৰতত আটাইতকৈ পুৰণি মহিষমৰ্দিনী দেৱীমূৰ্তি ৰাজস্থানৰ টংক জিলাত পোৱা গৈছে। গুপ্ত যুগতে দুৰ্গাদেৱীক সপ্তমাতৃ ৰূপে পূজা উপাসনা কৰাৰ প্ৰমাণ পোৱা গৈছে। মহাবলিপুৰমত পোৱা শিলৰ দুৰ্গা দেৱীৰ মূৰ্তিটো সিংহৰূঢ়া আৰু অষ্টবাহুযুক্ত (৬৫০খৃষ্টাব্দত) দুৰ্গা দেৱীক শস্যাধিপতি অন্নপূৰ্ণাও কোৱা হয়। দুৰ্গা পূজাৰ লগত লক্ষ্মী পূজাও কৰা হয়। নৃতত্ববিদ ৰাম প্ৰসাদ চন্দ্ৰই কৈছে যে দুৰ্গাদেৱী শাকম্বৰী অৰ্থাৎ শস্যৰ অধিকাৰী। সেই কাৰণে তেওঁক অন্নদা বা অন্নপূৰ্ণাও কোৱা হয়।
ব্ৰিটিছ যুগত পশ্চিমবঙ্গত বঙ্গীয় সামন্ত শ্ৰেণীয়ে আভিজাত্যৰ প্ৰতীক হিচাপে দুৰ্গা পূজাৰ প্ৰচলন কৰিছিল।
পৰৱৰ্তী ১৯১৮ চনত পশ্চিমবংগৰ যুৱকসকলে দুৰ্গাপূজাক বাৰোৱাৰী পূজা হিচাপে সাৰ্বজনীনতা দি এই পূজাত সকলৰ বাবে প্ৰৱেশ দুৱাৰ খুলি দিছিল।
আমাৰ অসমত নৱম আৰু দ্বাদশ শতিকাত মাটিৰ তলত বহুত শিল আৰু ধাতুৰে নিৰ্মিত নাৰীমূৰ্তি পোৱা গৈছে। তাৰ ভিতৰত দুৰ্গা গোসাঁনীৰ মূৰ্তিয়েই সৰহ। পুৰণি কালত শিল আৰু ধাতুৰে বিভিন্ন ধৰণৰ অস্ত্ৰ,বাচন- বৰ্তন আৰু মূৰ্তি বনাইছিল। তাৰ পৰাই পৰৱৰ্তী মূৰ্তিপূজাৰ প্ৰচলন হয় বুলি ভৱাৰ থল আছে।
কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰত দেৱীপূজাৰ উল্লেখ আছে। আহোম যুগত অসমত দুৰ্গোৎসৱ ব্যাপক ভাবে উদ্ যাপন কৰা দেখা যায়। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত পশ্চিমবঙ্গৰ পৰা দুৰ্গাপূজা অসমত আনি প্ৰচলন কৰে বুলি ইতিহাসবিদ সকলে মন্তব্য কৰিছে। ৰাণী ফুলেশ্বৰী দেৱীৰ সময়ত কবি অনন্ত আচাৰ্যই সংস্কৃত ভাষাৰ ” সৌন্দৰ্য্য লহৰী” আনন্দ লহৰী নামেৰে অসমীয়া ভাষাত অনুবাদ কৰিছিল ; য’ত দেৱীৰ মাহাত্ম্য আৰু সৌন্দৰ্য্যৰ বৰ্ণনা আছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত কবি ৰুচিনাথ কন্দলীয়ে মাৰ্কণ্ডেয় চণ্ডীপুৰাণ আৰু কল্কি পুৰাণ কালিকা পুৰাণৰ পৰা লোৱা। কবি ৰামচন্দ্ৰ বৰপাত্ৰই যোগিনী তন্ত্ৰ অনুবাদ কৰিছে। এই আটাইবোৰ গ্ৰন্থ শাক্ত ধৰ্মৰ অৱলম্বনত ৰচিত।
ডঃ বাণীকান্ত কাকতি দেৱে এই দেৱীৰ চাৰিটা স্বৰূপ যেনে, মাতৃৰূপা, পত্নীৰূপা, কুমাৰী ত্ৰিপুৰা সুন্দৰীৰূপা, সংহাৰৰূপিনী কেঁচাইখাতীৰূপে বৰ্ণনা কৰি তাৰ ভিতৰত মাতৃৰূপা কামাখ্যাক শক্তিৰ প্ৰধান উৎস বুলি কৈছে ।
এই দুৰ্গাদেৱীক অসমৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। লখিমপুৰত কেঁচাইখাতী, নীল গোসাঁনী মালিনী, শিৱসাগৰত দুৰ্গা, গৌৰী, বুঢ়ী গোসাঁনী, নগাঁৱত কামাখ্যা, মহালয়া, চামুণ্ডা, মহিষমৰ্দিনী, কামৰূপত কামাখ্যা ,উগ্ৰতাৰা, ভূৱনেশ্বৰী, চণ্ডিকা, জয়দুৰ্গা, নাহেশ্বৰী, ব্যাঘ্ৰেশ্বৰী, গোৱালপাৰাত মা দুৰ্গা,মা ভৱানী, পাৰ্বতী, মহিষমৰ্দিনী, মনসা আদি ৰূপে জনা যায়।
এনেদৰে গোটেই পৃথিৱীতে বিভিন্ন ৰূপত দেৱীক পূজা উপাসনা কৰাৰ দৰে আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ৰূপত দেৱীৰ পূজা-অৰ্চনা পৰম্পৰাগত ভাবে চলি আছে। ডঃ প্ৰফুল্ল দত্ত গোস্বামী দেৱৰ মতে দেৱীপূজা বা দুৰ্গাপূজা সম্পৰ্কে আৰু বিতংকৈ গৱেষণা কৰাৰ থল আছে।