দুৰ্গা পূজা বিষয়ে একলম- মুন শৰ্মা

Pc Pxfuel
দুৰ্গা পূজা বিষয়ে একলম
মুন শৰ্মা,লখিমপুৰ
 মা দুৰ্গা,, হিন্দু ধৰ্ম ৰ অন্যতম এগৰাকী আৰাধ্য দেৱী। মহামায়া, যোগমায়া, নাৰায়নী আদি নামেৰে জনাজাত এই গৰাকী দেৱী  শাক্ত ধৰ্মৰ সৰ্বোচ্চ দেৱী বুলি গণ্য কৰা হয়। বৈষ্ণৱ ধৰ্মৰ বিষ্ণুৰ  মায়া আৰু শৈৱ ধৰ্মৰ দেৱী পাৰ্বতী অন্য ৰূপ বুলি কোৱা হয় ।আৰু তেওঁক আৰাধনা কৰি পতা উৎসৱটো হিন্দু ধৰ্মৰ লোক সকলৰ বছৰটো সকলোতকৈ ডাঙৰ সামাজিক আৰু ধৰ্মীয় উৎসব অৰ্থাৎ দুৰ্গা উৎসব বুলি জনা যায় । প্ৰতি বছৰৰ আহিন মাহত অনুষ্ঠিত হোৱা এই  উৎসব শাৰদীয় বুলি কোৱা হয়। কাৰণ  ই শৰৎ ঋতু অনুষ্ঠিত হয় বাবে।
অসম, বিহাৰ,বংগ, উৰিষ্যাকে ধৰি বহু  ভাৰতৰ কেইখন ৰাজ্যত উলহ মালহেৰে   পাঁচ দিনিয়াকৈ উদযাপন কৰা এই উৎসব গোটেই ভাৰততৰ লগতে   চুবুৰীয়া বাংলাদেশৰ হিন্দু সকলৰ লগতে ভাৰত  উপমহাদেশৰ  কেইখন মান ৰাষ্ট্ৰটো উদযাপন কৰা হয়। ইয়াক কোনো কোনো ঠাইত নৱৰাত্ৰি নামেৰে জনা যায়।
উল্লেখ্য যে বছৰত দুৰ্গা দেৱীৰ পুজা দুবাৰ পতা হয়।অৰ্থাৎ বসন্ত কাল আৰু শৰৎ কালত।ইয়াৰে বসন্ত কাল তথা চ’ত মাহত আৰু শৰৎ কাল তথা আহিন মাহত। ইয়াৰে শৰৎ কালত  এই পূজাৰ মহা আয়োজন হয়। শৰৎ কালত হোৱা দুৰ্গা পূজাক শাৰদীয় আৰু বসন্ত কালত হোৱা দুৰ্গা পূজাক  বসন্তীয় দুৰ্গা পূজা বুলি  কয়।
পৌৰাণিক আখ্যান মতে  ভগৱান শ্ৰকৃষ্ণই প্ৰথম  দুৰ্গা পূজা আৰম্ভ কৰিছিল বুলি কৈছে, কিন্তু  সত্য যুগৰ শেষৰ ফালৰ  পৰা জগতত  চলি আছে বুলি জনশ্ৰুতি থকা পূজা  দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণই প্ৰথম আৰম্ভ কেনেকৈ কৰিলে  ই এটা প্ৰশ্ন হয়।
কাহিনী মতে সত্য যুগৰ শেষৰ ফালে এজন ৰজাৰ ৰাজ্য ক শত্ৰু সৈন্যই   আক্ৰমণ কৰি দখলৰ কৰাত তেওঁ শত্ৰু বোৰক পৰাস্ত কৰিব বাবে দুৰ্গা দেৱীক পূজা কৰি,, বৰ বিচাৰিছিল। পাছত তেওঁৰ আৰাধনাত সন্তুষ্ট হৈ তেওঁক বৰ দিলে আৰু তেওঁ বৰ পাই যুদ্ধত পৰাস্ত কৰি নিজৰ  ৰাজ্য উদ্ধাৰ কৰিলে। পাছত তেওঁ প্ৰতি বছৰৰে নিজৰ ৰাজ্যত দুৰ্গা পূজা আয়োজন কৰি মত্যত পূজাৰ আৰম্ভ কৰিলে বুলি জনা যায়। আৰু তেওঁ পূজা কৰিছিল বসন্ত কালত গতিকে ইয়েই হৈছে বসন্তীয় দুৰ্গা পূজা।
আন এটা কাহিনী মতে ৰামায়নত কৈছে যে ক্ৰেতা যুগত ৰাম ৰাৱণৰ যুদ্ধ সময়ত ৰামে শক্তি লাভৰ বাবে  দুৰ্গা মাক পূজা কৰিছিল  আৰু তেওঁ পূজা কৰা সময় টো আছিল শৰৎ কাল গতিকে তেতিয়া পৰা জগতত ই শাৰদীয় দুৰ্গা পূজা ৰূপে গণ্য হৈ আহিছে।
সঁচা কথা কবলৈ গলে অতীতৰ পৰা দেৱ ভূমি ভাৰতত চলি অহা এই দুৰ্গা পূজাই অজস্ৰ কাল আহি আহি বৰ্তমান  এক সাৰ্বজনীন ৰূপ লৈছে। কিয়নো বৰ্তমান সময়ত ভাৰতত বাস কৰা হিন্দু ধৰ্মীয়  লোক সকলৰ ওপৰিও অন্য ধৰ্মীয় লোকে ও আনন্দৰ এক উৎসৱ বুলি নিজৰ নিজৰ  ধৰণে উদযাপন কৰিছে।যিয়েই নেকি ভাৰত ভূমিত মিলা প্ৰতি আৰু সম্প্ৰীতি নিদৰ্শন দাঙি ধৰিছে গোটেই বিশ্বত।