দুৰ্গা পূজা আৰু প্ৰদূষণ
নিবেদিতা হাজৰিকা
লখিমপুৰ
হিন্দু সম্প্ৰদায়ৰ বৃহত্তৰ ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে দুৰ্গাপূজা বা দুৰ্গোৎসৱ। আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠীৰ পৰা এই পূজা পালন কৰা হয়।
জগতৰ মংগল কামনা কৰি আয়োজিত শাৰদীয় দুৰ্গোৎসৱৰ দশমীৰ দিনা আহি পৰে দেৱী বিসৰ্জনৰ সময়। ৰং-চঙীয়া দেৱী মূৰ্তি বিসৰ্জন দিয়া হয় নদী অথবা বিলত। ই এক পৰম্পৰা। কিন্তু অসুৰ ৰূপী ঋণাত্মক শক্তিক দমন কৰি ধনাত্মক বাৰ্তা বিলাবলৈ আৰাধনা কৰা দেৱী মূৰ্তিৰ এনে বিসৰ্জনে কঢ়িয়াই আনে জীৱকূলৰ প্ৰতি ভাবুকি। বিসৰ্জন থলীত মানুহৰ অতিমাত্ৰা কোলাহল , থেলা-হেঁচা আৰু বিসৰ্জনৰ পাছত নদীত প্ৰতিমা বিসৰ্জনৰ ফলত হোৱা জাৱৰ-জোথৰৰ দ’ম আদিয়ে বোৱতী নদীৰ গতিত বাধাৰ সৃষ্টি কৰাৰ উপৰিও এনে নদীৰ পৰা পানী খোৱা লোক তথা জীৱকুললৈও ভাবুকি সৃষ্টি কৰিছে।
উৎসৱ কেন্দ্ৰিক প্ৰদূষণে আমাৰ চৌপাশৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ ওপৰত পেলোৱা নেতিবাচক প্ৰভাৱ সমূহৰ কথা ভাবি চোৱাৰ সময় আহি পৰিছে।কিয়নো এই সমূহে আমাৰ চৌপাশৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ ব্যাপক মাত্ৰাত কলুষিত কৰি তুলিছে।
দুৰ্গাপূজা মানেই আজিৰ সময়ত বিৰাটাকায় ব্যৱসায়।অপ্ৰিয় হ’লেও সত্য যে বৰ্তমান সময়ত পূজা-সেৱা আৰু ধৰ্মীয় আচৰণ আদিৰ ফলতো প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’ব ধৰিছে। আগৰ দিনৰ সেই আধ্যাত্মিক ভাৱৰ পূজাৰ ঠাই ল’লে বাহ্যিকতাই। পূজা মণ্ডপৰ সংখ্যা বাঢ়িল। জাকজমকতাই অধিক গুৰুত্ব লাভ কৰিব ধৰিলে।পূজাৰ থলিত DJ বক্সৰ অতিমাত্ৰা শব্দৰ গুমগুমনি। কাণ তাল মৰা শব্দৰ সমাহাৰ।উচ্চ স্বৰত বজোৱা মাইক ,বন্দুক -বাৰুদ, ব’ম ,ফটকা ,পেঁপাৰ কাণ তাল মৰা শব্দ সমূহে শব্দ প্ৰদূষণৰ সৃষ্টি কৰি বহুতকে বিপাঙত পেলায়।পূজা বুলিলেই ব্যৱহৃত অলেখ -অসংখ্য বিজুলী চাকি , উচ্চ গ্ৰামৰ সংগীত, বিলাসী মণ্ডপৰ ধামখুমীয়াত আটাইতকৈ অপচয় হয় বিজুলী শক্তিৰ। ফলত পৰোক্ষ ভাৱে ই প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
উৎসৱৰ আনন্দত মচগুল হৈ প্ৰকৃতি আৰু মানুহৰ মাজত থকা সেই নিবিড় সম্পৰ্কৰ কথা পাহৰি প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কলৈ যি প্ৰৱল প্ৰত্যাহ্বান নমাই আনিছে , জীৱ কূললৈ অশনি সংকেত কঢ়িয়াই আনিছে এই সমূহ ৰোধৰ সময় আহি পৰিছে।উৎসৱৰ বতৰত প্ৰকৃতিৰ এই দুৰ্গতি নোহোৱা কৰিবলৈ প্ৰয়োজন সাপেক্ষে প্ৰচলিত ৰীতি-নীতিৰ সময় -সাপেক্ষে সংশোধন বা পৰিমাৰ্জনত গুৰুত্ব আৰোপ কৰা উচিত।
উৎসৱ মানেই হৈছে আনন্দৰ মেলা। ই এক ধৰ্মীয় অধিকাৰো। সেয়ে ইয়াক উদ্যাপন কৰাৰ পূৰ্ণ অধিকাৰ সকলোৰে আছে। কিন্তু সেই আনন্দই যাতে আনৰ অপকাৰ নকৰে বা আনন্দ বিঘ্নিত নকৰে সেই কথাৰ প্ৰতি সজাগ আৰু সচেতন হ’ব লাগিব। অন্যথা পূজাৰ আনন্দই প্ৰকৃতিৰ যি অনিষ্ট সাধন কৰিছে ইয়াৰ প্ৰভাৱ মানৱ জাতিৰ ওপৰতো পৰিব। জীৱকূল আৰু প্ৰকৃতিৰ মাজত এক নিবিড় সম্পৰ্ক আছে ।সেয়ে পূজাৰ আনন্দত মতলীয়া হৈ সেই কথা পাহৰি যোৱা উচিত নহয়।