দুৰ্গা দেৱী – দিপ্তী মনি গোস্বামী

PC - India Today

দুৰ্গা দেৱী 

দিপ্তী মনি গোস্বামী, লখিমপুৰ

শৰতৰ বুকু ভেদি
শুভ্ৰ শেৱালিৰ আচলত ধৰি
মৰ্ত্যলৈ নামি আহে শাৰদী ৰাণী,
ভক্তৰ মাজত উৎসাহৰ ঢৌ তোলা
তেওঁ সৃষ্টিৰ কল্যাণ কামী।
তেওঁৱেই সতী তেওঁৱেই পাৰ্বতী
দুৰ্গা গোঁসানী আই
নৱ ৰাত্ৰিত ন দিনে
ভিন্ন নামেৰে তেওঁৰ চৰণ চুমে
ভক্তসবে ব্ৰত- উপবাস লৈ।
ধৰাধামৰ বুকুত অসত্যক নাশি
সত্য প্ৰতিষ্ঠা কৰাই
তেওঁৰ কৰ্ম,
দুষ্টক দমন কৰি
শান্তক পালন কৰাই তেওঁৰ ধৰ্ম।
তেওঁৱেই মহাগৌৰী তেওঁৱেই কাত্যায়ণী
শৈলপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘন্টা তেওঁ
কুষ্মাণ্ড কালৰাত্ৰি সিদ্ধিদাত্ৰী
স্কন্দ মাতা আদি ন নামেৰে
নব ৰাত্ৰিৰ ন দিনত পূজিত তেওঁ।
কৃষ্ণ পক্ষত জন্ম লৈ
শুক্ল পক্ষত তিনিদিন
কাত্যায়ণ ঋষিৰ পূজা লৈ
মহিষাসুৰক বধ কৰি
নাম ললে মহিষমৰ্দিনী হৈ
আজিও  দুৰ্গা ষষ্ঠীৰ পূজা হৈ থাকে
এই নামেৰেই মন্ত্ৰোচাৰনেৰে মুখৰিত হৈ।