দুষ্ট ফাগুন নষ্ট ফাগুন- কাজি শ্বাহাদত ইছলাম

Pc Jagonews24
দুষ্ট ফাগুন নষ্ট ফাগুন
আকৌ আহিলে মৰমৰ ফাগুন…..
আচলতে এয়া দুষ্ট ফাগুন–
নাই নাই এয়া নষ্ট ফাগুন–
মোৰ বাবে এয়া স্ব-স্মৃতিৰ ইতিহাসত
অগণন শিৰোনামা দখল কৰা
আৰু বিষাদৰ ফাকুগুড়িৰে
অন্ধকাৰ নমাই অনা অনন্য এক ফাগুন!!
বিশ্বাস নহ’বও পাৰে  আপোনাৰ
মোলৈ ধাউতি অহা চুনামিৰ
ধাৰাবাহিকতাৰ বুনিয়াদ কি….
চতুৰ বতাহে আমনি কৰা ধূলিবোৰক সুধিব পাৰে–
সুধিব পাৰে শিমলুৰ ফুল বোৰক–
নতুবা সুধিব পাৰে দুটি ঋতুৰ মিলনক্ষণক–
আপুনি নাজানে,,
ফাগুনৰ উত্তাপে কিদৰে গলিছিল
মোৰ প্ৰেয়সীৰ হৃদয় লগতে মোৰো….
আপুনি এয়াও নাজানে,,
সপোনৰ কক্ষপথত খোজকঢ়া মোৰ নেত্ৰযুগলৰ
অৰ্ধবাটত সৰি পৰা ৰক্তাশ্ৰুৰ ক’লা কাহিনী!!
এতিয়া প্ৰেম আৰু অপ্ৰেমৰ দোমাজাত বিমূৰ্ত মই!!
নাহক দুনাই এনে ফাগুন–
নহওক চূৰমাৰ অন্য হৃদয়বোৰৰ–
সুখী হোৱাৰ বাবে ৰিবৰিব মলয়াই যথেষ্ট।।
কাজি শ্বাহাদত ইছলাম