দুলীয়াজানত অনুষ্ঠিত উদ্যম ২০২৩ সন্মিলনত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ
দুলীয়াজান, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত কেইবাখনো জিলাক সামৰি অনুষ্ঠিত হৈছে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ। দুলীয়াজানতো অনুষ্ঠিত এই সন্মিলনত আজি উপস্থিত থাকি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মনিৰ্ভৰ ভাৰত তথা অসম গঢ়াৰ দিশত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ সম্ভাৱনা সন্দৰ্ভত আলোকপাত কৰে। সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০৪৭ চনৰ ভিতৰত অৰ্থাৎ আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। এইবাৰৰ কেন্দ্ৰীয় বাজেটতো তাৰেই স্পষ্ট প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত দেশৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ ভূমিকা হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে বাজেটত এই খণ্ডৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অসমৰ উন্নয়নৰ যাত্ৰাতো এই খণ্ডৰ অৰিহণা উল্লেখযোগ্য। এই খণ্ডটোত যথেষ্ট সুযোগ-সম্ভাৱনা আছে, যিয়ে বিকাশৰ গতিপথক অধিক ত্বৰান্বিত কৰিব পাৰে আৰু সংস্থাপনৰ পথো প্রশস্ত কৰিব পাৰে। এই দিশটোত অগ্ৰাধিকাৰ দি এইধৰণৰ সন্মিলনৰ আয়োজন কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্র সবল হ’লেহে অৰ্থনৈতিক উন্নয়নৰ বুনিয়াদ সবল হ’ব। গতিকে আত্মনিৰ্ভৰশীলতাক মূলমন্ত্ৰ হিচাপে লৈ এখন শক্তিশালী, সমৃদ্ধিশালী আৰু অগ্রগামী ভাৰতবৰ্ষ তথা অসম গঢ়াত আগভাগ ল’বলৈ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক বিশেষকৈ আহ্বান জনালোঁ।” তদুপৰি আত্মসহায়ক গোটসমূহৰ সবলীকৰণতো গুৰুত্ব দি সোণোৱালে কয় যে, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহক শক্তিশালী কৰাত আত্মসহায়ক গোটসমূহেও আগভাগ ল’ব লাগিব। এইবাৰৰ বাজেটতো আত্মসহায়ক গোটসমূহৰ উত্তৰণৰ লক্ষ্যৰে যথেষ্ট পুঁজি ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রীদ্বয় বিমল বড়া আৰু ৰণজিৎ কুমাৰ দাস, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কদ্বয় প্রশান্ত ফুকন আৰু তেৰছ গোৱালা প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল।