দুর্ঘটনা ৰোধ-সুৰক্ষিত যাতায়াতৰ লক্ষ্য জিলা পৰিবহণ বিভাগৰ
ৰঙিলী বাৰ্ত্তাসেৱা– অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমক এখন দুর্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে ধাৰাবাহিকভাৱে বিভিন্ন কার্যসূচী অব্যাহত ৰাখিছে। পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে চলিত ফেব্ৰুৱাৰী মাহটো ‘সম্পূর্ণ সেৱা মাহ’ হিচাপে পালন কৰি বিগত সময়ত মহিলা আৰু জ্যেষ্ঠ নাগৰিককে ধৰি সকলো শ্ৰেণীৰ লোকৰ কেইবাশতাধিক বাহনৰ নথি-পত্ৰৰ সমস্যাৰ তৎকালীনভাৱে সমাধান কৰা হয়। ইফালে, পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীৰ তত্ত্বাৱধানত হোণ্ডা ছেফটি ড্রাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্রাচীন বিশ্ববিদ্যালয়ৰ ৪০০ৰো অধিক নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষাৰ সজাগতা গঢ়ি তোলাৰ লক্ষ্যৰে দুচকীয়া বাহন চালনাৰ নীতি-নিয়মৰ লগতে অনুজ্ঞাপত্ৰৰ আবেদনকে ধৰি বিভিন্ন বিষয়ত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ সন্মুখত ‘ন’ হেলমেট ন’ এন্ট্রি’ শীর্ষক ফলকো স্থাপন কৰা হয়। একে সময়তে হায়াট ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেচন চেণ্টাৰত ৩০০ গৰাকী প্রশিক্ষার্থী আৰু টাটা কেপিটেল কোম্পানীৰ উলুবাৰীস্থিত কাৰ্যালয়ত শতাধিক লোকৰ মাজত বাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়ম যেনে দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত সকলোৱে ছাঁটবেল্ট পৰিধান কৰা, সুৰাপান আৰু ম’বাইল এৰাই চলি সদায় নিয়ন্ত্রিত গতিত বাহন চলোৱাকে ধৰি পথ চিহ্ন নির্দেশনা অনবৰতে মানি চলা আদি বিষয়ত প্রশিক্ষণ প্রদান কৰা হয়। ‘সম্পূর্ণ সেৱা মাহ’ অৰ্থাৎ ফেব্ৰুৱাৰীৰ অনাগত কেইদিনত সকলো শ্ৰেণীৰ যান-বাহনৰ গৰাকীকে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰাৰ লগতে যাৱতীয় কৰ-কাটল আদায় দি এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয়েৰে সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ সবিনয়ে আহ্বান জনায় পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে।
