দুর্গা সৰোবৰত অগপৰ বৃহৎ যোগদান কার্যসূচী

দুর্গা সৰোবৰত অগপৰ বৃহৎ যোগদান কার্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দুর্গা সৰোবৰ কামাখ্যা গেটত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হয়। মধ্য গুৱাহাটী বিধান পৰিষদৰ সমিতিৰ সভাপতি হেমেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদেশ্য ব্যাখ্যা কৰে সম্পাদক ভূপেন ঠাকুৰীয়াই। বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছ দলৰ নেতাকে ধৰি ৫ শতাধিক লোকে অগপত যোগদান কৰে।  মধ্য সম্পাদক ক্রমে ভূপেন ঠাকুৰীয়া, ময়নুল হক চৌধুৰী, ১৩নং ৱাৰ্ডৰ সভাপতি জ্যোতি পাঠক, ১৩নং ৱাৰ্ডৰ পাৰিষদ তথা অসম মহিলা পাৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ, ১২নং বাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্রী গীতা ৰাণী কলিতা, সম্পাদিকা গীতা নেওগ, কমলা প্রধান, বলেন কলিতা, ইন্দ্রজিৎ গোস্বামী, মৃদুল কলিতা, মুকুট কলিতা, ৰতন নাথ, ভাৰ্গৰ শৰ্মা, গোপী বড়ো, জাভেদ আলী, শেখৰ সিং, বলোৰাম মহন্ত, ভবেন দাস, ৰাজেশ চক্ৰৱৰ্তী, জ্যেষ্ঠ অগপ নেতা লক্ষ্মী দাসকে ধৰি অগপ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল এই সভাত উপস্থিত থাকে ।