দুমুখীয়া চৰিত্ৰৰ মানুহ কেতিয়াও আপোন হ’ব নোৱাৰে
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
বৰ্তমানৰ যুগটো হৈছে তৈলমৰ্দনৰ যুগ ৷ আজিকালি সকলোৱে নিজস্ব ব্যক্তিগত স্বাৰ্থ তথা লাভালাভৰ বাবে ইজনে আনজনৰ লগত ভাল হৈ চলে ৷ মানে কথাটো এনেধৰণৰ হ’ব পাৰে যে যিটো ফালে তৰাজুৰ ভৰ বেছি আমি সেইফালে স্থান ল’ম তথাপি ভৰ কম থকা খিনিক আমি অবহেলা নকৰোঁ বৰঞ্চ এটা বিকল্প হিচাপে ৰাখিম কাৰণ তৰাজু খনৰ ভৰ সদায় কম বেছি হৈ থাকে ৷ আমি দুয়োটা ফালে এটা সু- সম্বন্ধ ৰক্ষা কৰিব লাগিব ৷ কেতিয়াবা এটা ফালে ভৰ বাঢ়িব আৰু কেতিয়াবা আনফালে ভৰ বাঢ়িব ৷ মুঠতে আমি ভৰৰ সমানে কেতিয়াবা এটা ফাল আৰু কেতিয়াবা আনটো ফাল হৈ থাকিব লাগিব ৷ কিমান সুন্দৰ এই সম্বন্ধ বোৰ ইফালেসিফালে হৈ থাকিলে আমাৰ ছাল চিঙি যাৱ কিন্তু মুখমণ্ডলত আমাৰ অকমানো প্ৰভাৱ পৰিব নিদিওঁ ৷ সমাজ খন ইমানেই স্বাৰ্থপৰ হৈ পৰিছে যে ভিতৰত ঘিণা,হিংসা,ঈৰ্ষা ভৰি আছে কিন্তু মুখমণ্ডলত আপোনাৰ প্ৰতি কিমান চিন্তা যেন আপোনাৰ তেখেতৰ বাহিৰে আৰু কোনো শুভাকাংক্ষী নাই ৷ অতি লজ্জাজনক আৰু ঘৃণনীয় কুকৰ্ম,কেতিয়াবা আপুনি ভাবি চাইছেনে আপোনাক কোনে ফুটবল খেলৰ বলটোৰ দ্বৰে লথিয়াই আছে ৷ এইবোৰ কৰি আপুনি কি পাইছে আৰু কি হেৰুৱাইছে ? আপুনি নিজে নিজৰ প্ৰতাৰক,প্ৰবঞ্চক আপোনাক কোনোৱে অহিত কৰিব যোৱা নাই বৰঞ্চ আপুনি আপোনাৰ বাবে অহিতকাৰী ৷ আপুনি নিজে দুৰ্বল যাৰবাবে আপুনি আনৰ মাজত দুৰ্বলতাৰ সুযোগ বিচাৰি ফুৰে ৷ আপুনি প্ৰথমে নিজক ভাল পাবলৈ শিকক কাৰণ আপুনি নিজেই যেতিয়া নিজক ভাল নেপাব তেতিয়ালৈকে আনক ভালপাব নোৱাৰিব ৷ সময় থাকোতে অনুশোচনা হোৱা উচিত নহলে যদি সময়ে শিকাব লগীয়া হয় তেতিয়া হ’লে বহুত কষ্ট পায় ৷ গুলামী আৰু শোষণে মানুহক পংগু বনাই দিয়ে ৷ দুমুখীয়া স্থিতি অৱলম্বন কৰি আপুনি হয়টো ভাবিছে যে আপুনি সময় সুযোগৰ উচিত ব্যৱহাৰ কৰিছে কিন্তু ভুল নুবুজিব আপোনাৰ হয়টো ধাৰণাটোৰ কৰবাত খেলিমেলি হৈছে ৷ কাৰণ আপুনি সপোনত নহয় বাস্তৱত মোকাবিলা কৰিছে ৷ সত্য চিৰস্থায়ী কিন্তু অসত্য অস্থায়ী ৷ এদিন নহয় এদিন আপোনাৰ মুখা খোল খাবই কাৰণ পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম ৷ আজিৰ স্থিতি পৰৱৰ্তীকালত সলনি হবই লাগিব ৷ জীৱনটো উনমুক্ত হৈ উপভোগ কৰা উচিত, তৈলমৰ্দন অথবা দুমুখীয়া স্থিতি বহন কৰাটো অনুচিত ৷
