দুপৰ নিশা মোৰ সংগী – প্ৰাণ প্ৰতিমা বড়া

PC - Wallpapers.com
 দুপৰ নিশা মোৰ সংগী
 প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
   দুপৰ নিশা মোৰ সংগী
  এটি সুগন্ধি
  পল অনুপলে অনুভৱ কৰোঁ মই
  তোমাৰ সান্নিধ্য
  শৰত মানে যেন প্ৰেমৰ সময়
  তোমাৰ সান্নিধ্যই  ব্যাকুল কৰে মন
  জোনাকীৰ মূল্য জানো পূৰ্ণিমা নিশাত ??
  অমাৱস্যাৰ কোনোবা দুপৰ নিশাত
  তোমাৰ চিকমিকনিয়ে বিলায়
  এবুকু সতেজ উশাহ
  উটি ভাঁহি ফুৰো
  তোমাৰ আৱেগৰ কল্লোলত
  তোমাক অনুভৱ কৰোঁ
  গভীৰৰ পৰা গভীৰতালৈ …..
   মাজনিশাৰ এটি সুগন্ধি
  আৰু মোৰ অনুভৱ
   বিষাদৰ জয়গান সামৰিব খোজোঁ
  তোমাৰ বুকুত
   তুমিযে শাৰদী ৰাণী
   তোমাৰ মূল্য মাথোঁঁ নিশাৰ দুপৰত !!