দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিনেত্ৰী নন্দিনী কাশ্যপ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ‘হিট এণ্ড ৰাণ’ গোচৰত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত বুধবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল অভিনেত্ৰী নন্দিনী কাশ্যপক । জানিব পৰা মতে আৰক্ষীয়ে ৫ দিনৰ বাবে নন্দিনীক নিজৰ জিম্মাত বিচাৰিছিল। কিন্তু আদালতে দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক । দুদিনৰ পিছত পুনৰ নন্দিনী কাশ্যপক হাজিৰ কৰোৱা হ’ব আদালতত । উল্লেখ্য যে, ২৫ জুলাইৰ পুৱতি নিশা মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱত তীব্ৰ বেগত চলাই অহা নিজৰ বলেৰো বাহনখনেৰে বিপৰীত দিশৰ পৰা এখন স্কুটীত আহি থকা ছামিউল হক নামৰ ২১ বছৰীয়া যুৱকজনক খুন্দা মাৰি পলায়ন কৰিছিল অভিনেত্ৰীগৰাকীয়ে । তাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক । পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত । কিন্তু মঙলবাৰে নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে নলবাৰীৰ ছামিউল হকে । ছামিউলৰ মৃত্যুৰ পাছত মঙলবাৰে সন্ধিয়া থিয়েটাৰৰ আখৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে শৰাইঘাটৰ সমীপৰ পৰা আটক কৰা হয় অভিনেত্ৰীগৰাকীক । অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰি লৈ অহা হয় পানবজাৰ মহিলা আৰক্ষী থানালৈ । ইফালে মঙলবাৰে সন্ধিয়া ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰা বাবে আবেদন কৰিছিল । সম্প্ৰতি পাণবজাৰ মহিলা আৰক্ষী থানাত থকা নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হৈছে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰাত গোচৰ। এই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।