দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc- mathrubhumi.com

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যখনত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।কলকাতাৰ পৰা পোনে-পোনে হেলিকপ্টাৰেৰে কোকৰাঝাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাত ইতিমধ্যে সম্পূৰ্ণ হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে নতুন কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে। জানিব পৰা মতে, দিনৰ প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰী গৰাকী কোকৰাঝাৰত উপস্থিত হ’ব। তাত তেওঁ বাশবাৰী অঞ্চলত স্থাপন হ’বলগীয়া ৰে’লৱে ক’চ ৰিপেয়াৰিং ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পথ উন্নয়ন আঁচনি ‘অসম মালা’ প্ৰকল্পৰো আনুষ্ঠানিক আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে।  দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰবাৰ অসমলৈ আহিবলৈ সাজু হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে অসম প্রদেশ বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত দলৰ মুখপাত্র কমল কুমাৰ মেধিয়ে প্ৰধানমন্ত্ৰীগৰাকীক পুনৰবাৰ অসমভূমিলৈ উষ্ম আদৰণি জনাই সদৰী কৰে যে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ দুয়োটা দিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ চৰকাৰখনৰ লগতে প্ৰদেশ বিজেপিও সাজু হৈ উঠিছে। বিবৃতিটোত মুখপাত্র মেধিয়ে আৰু কয় যে কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি যুগ যুগ ধৰি চলি অহা বদ্ধমূল ধাৰণাক এইগৰাকী প্রধানমন্ত্রী মোদীয়ে ভুল প্রমাণিত কৰিছে। পুৰণি সেই বান্ধাৰাক নস্যাৎ কৰি অসম তথা উত্তৰ-পূবক সর্বাধিক গুৰুত্ব প্রদান কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। তেখেতে দেশৰ প্রধানমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পিছত এতিয়ালৈকে ৪০ বাৰৰো অধিক অসম ভ্ৰমণ কৰিছে। এয়া ৰাজ্যখনৰ বাবে সঁচাকৈয়ে অভূতপূর্ব ৰাজনৈতিক পৰিঘটনা। বিটিচিত এনডিএ চৰকাৰ গঠনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰত অহা ১৩ মাৰ্চত বিশাল জনসভা সম্বোধন কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে বিটিচিবাসীৰ বাবে ৪,৫৭৪ কোটি টকাৰ উন্নয়নৰ প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্রকল্পৰ শুভ উদ্বোধন কৰিব। ১১০০ কোটি টকাৰ পথ নিৰ্মাণৰ লগতে ৩ খনকৈ নতুন ৰে’ল ক্রমে কামাখ্যা-চৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, নাৰেংগী আগৰতলা এক্সপ্রেছ, গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব। অসমমালা ৩.০ অধিনত ৩,২১৭টকাৰ ব্যয় সাপেক্ষে ৮৮৩ কিল’মিটাৰ পথ আৰু ৩৬ খন নতুন দলঙৰো প্রকল্প মুকলি কৰিব। উল্লেখযোগ্য যে ১৩ মার্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্রায় ৮,৮৪১ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব। এই প্রকল্পই ৩,৬৩৩ কোটি টকা ব্যয় সাপেক্ষে ফৰকাটিং-তিনিচুকীয়া দ্বৈতৰে’ল লাইনৰ প্ৰকল্প সামৰি লোৱাৰ লগতে ১,১৮০ কোটি টকা ব্যয় সাপেক্ষে চাপৰমুখ-ডিব্ৰুগড় আৰু ৪২১ কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়া-মুৰকংচেলেক ৰে’ল লাইনৰ বৈদুতিকৰণৰ প্ৰকল্প সামৰি ল’ব। লগতে ২১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কামাখ্যা ৰে’লৱে ষ্টেছনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱেৰ শিলান্যাস, গুৱাহাটীৰ বেটকুছিত নির্মিত একতা ম’ল আৰু ২,৩২০ কোটি টকাৰ ব্যয় সাপেক্ষ কপিলী জলবিদ্যুৎ প্রকল্পৰ শুভাৰম্ভ কৰিব। ১৪ মাৰ্চত দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে প্রধানমন্ত্রী মোদীয়ে ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ হাইৱেৰো শিলান্যাস কৰিব। তদুপৰি নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি অহা ১৩ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীর্যপূর্ণ অনুষ্ঠান অসমৰ চাহ শ্ৰমিকসকলৰ মাটিৰ পট্টা প্রদানৰ কামো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিজ কৰকমলেৰে শুভাৰম্ভ কৰিব। আনহাতে, ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণে লাভ কৰিছে চৰ্চা।