দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ প্রধানমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- উন্নয়নৰ বাৰ্তা লৈ দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্রধানমন্ত্রীগৰাকীয়ে আজি সন্ধিয়া প্রায় ৫ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনতেই অসমৰ বাগুৰুম্বাই ইতিহাস ৰচিব। বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু দুটা মাহ বাকী থকাৰ সময়তে অসমলৈ আহিবলগীয়া প্রধানমন্ত্ৰীগৰাকীয়ে প্রায় সাত হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া অভিলাষী কাজিৰঙা এলিভেটেড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি সৰুসজাই ষ্টেডিয়াম আৰু কলিয়াবৰত মৌচন্দা পথাৰত নৰেন্দ্ৰ মোদীক আদৰাৰ চলিছে ব্যাপক যো-জা। উল্লেখ্য যে আজি বিয়লি ভাগত উপস্থিত হ’ব লগা প্রধানমন্ত্রী মোদীয়ে সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত বড়ো জনগোষ্ঠীৰ চহকী ঐতিহ্যক বিশ্বদৰবাৰত স্থাপন কৰাৰ লক্ষ্যৰে সাংস্কৃতিক অনুষ্ঠান বাগুৰুম্বা দহৌ ২০২৬ত অংশগ্ৰহণ কৰিব। এই বিশাল অনুষ্ঠানত বড়ো সম্প্ৰদায়ৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে একক-সমন্বিতভাৱেই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। ৰাজ্যখনৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠান প্রধানমন্ত্রী মোদীৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো উপভোগ কৰিব। উল্লেখ্য যে বড়ো সম্প্রাদয়ৰ অন্যতম লোকনৃত্য বাগুৰুম্বা নৃত্যৰ মূল উদ্দেশ্য হ’ল- মানৱ জীৱন আৰু প্ৰাকৃতিক জগতৰ মাজত সমন্বয় প্রতিফলন কৰা। পৰম্পৰাগতভাৱে যুৱতীসকলে পৰিৱেশন কৰা এই নৃত্যত বড়ো যুৱতীসকলে খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰীঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগুৰুম্বা নৃত্য উপস্থাপন কৰিব। ইয়াৰ পূর্বে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে অসমৰ বিহু আৰু ঝুমইৰক বিশ্বৰ দৰবাৰত স্থাপন কৰা হৈছিল। একে লক্ষ্যৰেই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ হাজাৰ বড়ো শিল্পীয়ে ৰজনজনাই তুলিব ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প। ইফালে বাগুৰুম্বা নৃত্যৰ অনুষ্ঠানৰ পিছতেই প্রধানমন্ত্রী মোদীয়ে আজি নিশা গুৱাহাটীতে কটাব। দেওবাৰে প্রধানমন্ত্রী মোদীয়ে কলিয়াবৰলৈ উৰা মাৰিব। কলিয়াবৰত প্রধানমন্ত্রীয়ে ৬৯৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমিপূজন সম্পন্ন কৰিব। ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্প হৈছে পৰিৱেশ সচেতন ৰাষ্ট্ৰীয় ঘাই প্রকল্প। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হ’বলগীয়া এই পথছোৱাৰ ২১ কিলোমিটাৰ বাইপাছৰ অংশ হ’ব আৰু ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো দুটা লেনৰ পৰা চাৰিটা লেনলৈ বহল কৰা হ’ব। এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্র্যক সুৰক্ষিত কৰা। প্রকল্পটোৱে নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ উজনি অসমৰ সৈতে এক মসৃণ পথৰ সংযোগ ঘটাব। এই কৰিড’ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত হৈ থকা মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ লগতে যাত্রাপথৰো সময় যথেষ্ট হ্রাস কৰিব। প্ৰকল্পটোৰ অংশ হিচাপে জখলাবন্ধা আৰু বোকাখাতত নির্মাণ হ’ব দুটাকৈ বাইপাছ। এই কাৰ্যসূচীৰ পিছতেই ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখন অমৃত ভাৰত এক্সপ্ৰেছৰো ফ্লেগ অফ কৰিব। ইয়াৰে প্ৰথমখন হ’ল গুৱাহাটী (কামাখ্যা)-ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু দ্বিতীয়খন হ’ল ডিব্ৰুগড়-লক্ষ্ণৌ (গোমটা নগৰ) ৰ মাজত চলাচল কৰিবলগীয়া। ইয়াৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে ১৭ জানুৱাৰীত মালদাত উপস্থিত হৈ হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজৰ ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ শুভাৰম্ভ কৰিব। দ্বিতীয় দিনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে কলিয়াবৰৰ মৌচন্দা খেলপথাৰত সম্বোধন কৰিব এক বিশাল ৰাজহুৱা সভা। এই সভাৰ পিছতেই বিয়লি দিল্লীলৈ উভতিব প্রধানমন্ত্রী মোদী।
