দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্রমণে ৰাজ্যৰ বাবে উন্নয়নমূলক সুখবৰ কঢ়িয়াই আনিব। বুধবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই ভ্ৰমণৰ বিশেষ আকর্ষণ হ’ব গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সমন্বিত টার্মিনেল ভৱনৰ আনুষ্ঠানিকভাবে উদ্বোধন। দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সমন্বিত টার্মিনেল ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে আন বহু গুৰুত্বপূৰ্ণ প্রকল্পৰো শুভাৰম্ভ কৰিব।  উক্ত দিনটোতে প্রধানমন্ত্রী মোদীয়ে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি এটাও উন্মোচন কৰিব। অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী আৰু স্বাধীন ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহান ব্যক্তিগৰাকীৰ প্ৰতি এয়া হ’ব শ্রদ্ধাঞ্জলি। ইয়াৰ পিছদিনা অৰ্থাত ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নামৰূপত এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই বিশাল সাৰ কাৰখানাটোৰ বার্ষিক উৎপাদন ক্ষমতা হ’ব ১২.৭ লাখ মেট্রিক টন। উল্লেখ্য যে এই ভ্রমণসূচীৰ দুয়ো দিনতে গুৱাহাটী আৰু নামৰূপত ৰাজহুৱা সভাতো ভাষণ প্রদান কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা, জনসমাগম আৰু অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত আৰক্ষী-প্রশাসন আৰু অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। মুখ্যমন্ত্রীয়ে সকলো বিভাগক নিখুঁত সমন্বয় ৰক্ষা কৰি প্ৰতিটো কাৰ্যসূচী সফল কৰি তোলাৰ নিৰ্দেশ দিয়ে।