দুটি আত্মা
নিদ্ৰা মগন পৃথিৱী
এন্ধাৰৰ মাজত পোহৰৰ অপেক্ষাত
এহাল পিতৃ -মাতৃ
কি গ্ৰীষ্ম কি বৰ্ষা
কিশৰৎ কি হেমন্ত
কিম্বা শীত বসন্ত
জীৱনৰ ন-পথৰ সন্ধানত
দূৰলৈ গতি কৰা
সন্তানৰ এষাৰ মাতত
দুখন হৃদয়ত বাহ লয় পূৰ্ণিমাৰ জোন
স্নিগ্ধ জোনৰ পোহৰে
মনোমোহা কৰি তোলে চৌপাশ
স্বপ্নৰ পৃথিৱীত দুবাহুত শুই আছে
তাহানিৰ মৰমলগা মুখ
ক’ত ৰাতি উজাগৰি
বাস্তৱত খেপিয়াই খেপিয়াই
বিহ্বল হৃদয়খনি
জন্মদাতাৰ মিঠা মাতত
সন্তানৰ মুখমণ্ডলত সুখৰ প্ৰলেপ
তথাপি অবাধ্য দুচকুৰে বৈ আহে
দুটোপাল চকুপানী
আশাভৰা দুটি আত্মা সুখৰ তাড়নাত
হাজাৰটা দুখকো নেওচি
সুখী হোৱাৰ মিথ্যা অভিনয়ত
মৌন হৈ ৰয় দুটি ওঁঠ
ৰৈ যায় মাথোঁ প্ৰশ্নোবোধক চিন
হৃদয়ৰে কোনোবা এটা চুকত
মোহাইমিনুৰ ৰহমান
বেলশৰ
