দুটা পৰ্যায়ত  ৰূপায়ণ  হ’ব ভাৰত ইজৰাইল বাণিজ্য চুক্তি

Pc Deccan Chronicle

দুটা পৰ্যায়ত  ৰূপায়ণ  হ’ব ভাৰত ইজৰাইল বাণিজ্য চুক্তি

ৰঙিলী বা্ৰ্ত্তাসেৱা-ভাৰত আৰু ইজৰাইল দুয়োখন দেশৰ মাজৰ প্ৰস্তাৱিত দ্বিপাক্ষিক মুক্ত বাণিজ্য চুক্তি দুটা পৰ্যায়ত বাস্তৱায়িত কৰাৰ কথা ভাবিছে । ভাৰতৰ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলে এই কথা প্ৰকাশ কৰিছে । যোৱা বৃহস্পতিবাৰে ভাৰতৰ  আৰু ইজৰাইল মাজত এই  চুক্তিক লৈ আলোচনা আৰম্ভ কৰা হয় । চুক্তিখনে দুয়োখন দেশৰ বিনিয়োগৰাকীৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ  ক্ষেত্ৰত আৰু অধিক সহায় কৰিব বুলি আশা কৰা হৈছিল । দ্বিপাক্ষিক বাণিজ্য  তথা  বিনিয়োগক লৈ আলোচনাৰ বাবে ভাৰতৰ  কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকী সম্প্ৰতি ইজৰাইলত আছে । তেওঁৰ সৈতে ৬০জনীয়া এটা ব্যৱসায়ী প্ৰতিনিধি দল গৈছে  ।  ইজৰাইল উদ্যোগমন্ত্ৰী  নিৰ বকতে বিচাৰে  ইজৰাইলত  যি মেট্ৰ’ প্ৰকল্প আৰম্ভ হৈছে তাত ভাৰতীয় সংস্থাই আগ্ৰহ প্ৰকাশ কৰিব ।