দুটা দশকৰ অন্তত ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰেৰ মহামিলন

দুটা দশকৰ অন্তত ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰেৰ মহামিলন

ৰঙিলী বাৰ্ত্তাসেৱা– মহাৰাষ্ট্ৰৰ ৰাজনীতিত দুটা দশক সুকীয়া সুকীয়াকৈ কটোৱাৰ পাছত  দুই বিচ্ছিন্ন ভাতৃ ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰেৰ ৰাজহুৱাভাৱে মহামিলন ঘটিল। তিনিভাষিক নীতি মহাৰাষ্ট্ৰ চৰকাৰে প্ৰত্যাহাৰ কৰাৰ উদযাপন হিচাপে মুম্বাইত এক বিশাল উৎসৱ আয়োজিত হয়। এই বিশাল উৎসৱৰ মঞ্চত একেলগে দেখা গ’ল শিৱসেনা (ইউবিটি)ৰ উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (এমএনএছ)ৰ মুৰব্বী ৰাজ থাকৰেক। বিগত ২০ বছৰ ধৰি পৰিয়ালকেন্দ্ৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত বিচ্ছিন্ন হৈ থকা উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেই ৰাজহুৱা মিলনেৰে ৰাজ্যখনৰ ৰাজনৈতিক প্রেক্ষাপট সলনি কৰাৰ ইংগিত দিছে। উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ এই মহামিলনৰ লগে লগে জনতাৰ মাজত অপাৰ উলাহ জাগে। দুয়ো ভাতৃয়ে দুহাত দাঙি ঐক্য হোৱাৰ প্ৰদৰ্শন কৰে। জনতাৰ মাজত চলি থকা উলাহৰ মাজতে ৰাজ থাকৰেই কয়- আজি ২০ বছৰৰ পিছত উদ্ধৱ আৰু মই একেলগে একেখন মঞ্চত থিয় হৈছোঁ। যিটো কাম বালা চাহেব থাকৰেই কৰিব নোৱাৰিলে। কিন্তু দেবেন্দ্ৰ ফার্নাভিছে সম্ভৱ কৰিলে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে প্রাথমিক বিদ্যালয়ত তিনি ভাষা নীতি প্রয়োগ কৰাৰ বিৰোধিতা কৰে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা আৰু ৰাজ থাকৰে নেতৃত্বাধীন এমএনএছে। দুয়োটা দলে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মহাৰাষ্ট্ৰত প্ৰয়োগ কৰিলে ভয়াৱহৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে। মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মহাযুটি চৰকাৰে এইক্ষেত্রত হোঁহকা-পিছলা কৰি থাকে যদিও থাকৰে ভাতৃদ্বয়ৰ হুংকাৰৰ পিছত এই তিনি ভাষা নীতি প্রত্যাহাৰৰ ঘোষণা কৰে মুখ্যমন্ত্রী দেবেন্দ্র ফার্নাভিছে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই দুই ভাতৃক একেলগে প্রতিবাদ কৰাৰ পিছত বিজয় উৎসৱত মহামিলনৰ সুযোগ দিয়ে। এই সুযোগ লৈয়ে আজি ২০ বছৰৰ মূৰকত একেখন মঞ্চত সমবেত হয় উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে। ২০০৫ চনৰ পিছত দুয়ো ভাতৃয়ে একেখন মঞ্চত সমৱেত হোৱাটোৱে মাৰাঠা সম্প্ৰদায়ৰ বাবে শুভলক্ষণ। পৃথক পৃথকভাৱে দুয়ো ভাতৃয়ে মাৰাঠা সম্প্ৰদায়ৰ বাবে যুঁজি আহিছে। মাৰাঠা সম্প্রদায় আৰু মাৰাঠী ভাষাৰ প্ৰতি আহিব পৰা সংকটৰ বাবেই দুয়ো ভাতৃয়ে মিলিত হয় আৰু ভৱিষ্যতে এক হৈ থকাৰ ইংগিত দিয়ে। বিজয় উৎসৱত ৰাজ থাকৰেই বিজেপিক কটাক্ষ কৰি কয়- বালা চাহেব থাকৰেই যিটো কৰিব নোৱাৰিলে দেবেন্দ্র ফার্নাভিছে আমাক একেলগ কৰিলে। ইয়াৰ পিছতে উদ্ধৱ থাকৰেই ভবিষ্যতেও দুয়োজনে একেলগ হৈ থকাৰ ইংগিত দিয়ে। যিয়ে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্রেক্ষাপট সলনি কৰিব পাৰে। ৬৪ বছৰীয়া উদ্ধৱ থাকৰে আৰু ৬৭ বছৰীয়া ৰাজ থাকৰে হৈছে বালা চাহেব থাকৰে আৰু শ্রীকান্ত থাকৰেৰ সন্তান। বালা চাহেব থাকৰে আৰু শ্রীকান্ত থাকৰে দুয়োগৰাকী ভাতৃ।