দুখ
দুখবোৰ ক’ত থাকে
দুখবোৰ কেনি আহে
বতাহত আহে নে ৰ’দত
দুৱাৰেদি আহে নে
খিৰিকীৰে
দুখ বোৰ বুকুলৈ উজাই আহি
চকুত তিৰবিৰায়
ভাগৰুৱা আইৰ চকুত দুখ
পিতাই হাড়ভঙা শ্ৰমত দুখ
চৌকাত দগমগাই থকা অঙঠাত
দুখ
পেটত গামোচা মৰাৰ দুখ
দুখ মোৰ পদূলিত
দুখ মোৰ শেতেলিত
দুখ আই পিতাইৰ কেঁচা টোপনিত বিচনাৰ কেঁকনিত
আপোন কাৰোবাক হেৰুৱাৰ দুখ
বন্ধু পাইয়ো নোপোৱাৰ দুখ
আশাত দুখ
কল্পনাত দুখ
প্ৰেমত দুখ
বিচ্ছেদত দুখ
প্ৰাপ্তি-অপ্ৰাপ্তিতো দুখ
ঈশ্বৰক ভালকৈ এখন নৈবদ্য,
এগচি বন্তি
দিব নোৱাৰাৰ দুখ
সু-সৰ্জিত নৈবদ্য
পিতলৰ চাকিত বন্তি জ্বলায়
প্ৰাৰ্থনা কৰিও
ঈশ্বৰক ল’গ নোপোৱাৰ দুখ
সকলোতে দুখ
তেন্তে সুখ ক’ত!!!
দুখবোৰ চিৰলগৰী
সুখখিনি ক্ষন্তেকৰ আলহী
কিয় আহে দুখ?
কেনি আহে দুখ?
ধনীৰ দালানেদি
নে
দুখীয়াৰ পানী পৰা চালিয়েদি!
দুলুমণি শইকীয়া
নগাঁও