দুখ
আয়নাল হক, ধুবুৰী
দুখ,
তোক যে নিবিচাৰিলেও
পাওঁ য’তে ত’তে !
সেইবুলি নাভাবিবি তই
তোৰ পৰা সুখ নেদেখোঁ বুলি।
তইতো নাজান–
তোৰ পিছে পিছে
সুখেও বাট বোলে তোৰ অজানিতে।
মনটো থিত লগাব পাৰিলেই
তোকো দলিয়াই দিব পাৰি
তোক অৱহেলা কৰিব পাৰিলেই
সুখকো বুটলি আনিব পাৰি।
পোৱাখিনিৰ মাজতে
যি সন্তুষ্টি লভে
তেওঁৰ বাবে সুখে
বৰপীৰা পাৰে।
বহুত পোৱাৰ পিছতো
যাৰ মনত সন্তুষ্টি নাথাকে
তেওঁৰ চোতালত
সুখৰ জোনাক নসৰে।
বৰঞ্চ দুখৰ ডাৱৰে
গোটেই জীৱন ছানি ধৰে…।