দুখন বিশেষ ৰেলৰ ফ্লেগ-অফ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আগৰতলা-গুৱাহাটী-কলিকতা বিশেষ এক্সপ্ৰেছ আৰু আগৰতলাৰ পৰা মণিপুৰৰ খোংচাঙলৈ চলিব লগা জন শতাব্দী এক্সপ্ৰেছ নামৰ দুখন ৰে’লৰ ফ্লেগ অফ কৰে।  ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজধানী চহৰৰ উপকণ্ঠত থকা আগৰতলা ৰে’ল ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (এনএফআৰ) দুখন ৰে’লৰ ফ্লেগ অফ কৰে। ইয়াৰে ১৪ টা ডবাৰ এক্সপ্ৰেছ ৰেলখন (আগৰতলা-কলিকতা) প্ৰতি বুধবাৰে পুৱা আগৰতলাৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা আবেলি কলকাতা পাব। ইয়াৰ লগতে, প্ৰতি দেওবাৰে কলিকতাৰ পৰা মঙলবাৰে সন্ধিয়া আগৰতলা অভিমুখে ৰাওনা হ’ব। আনহাতে, আগৰতলাৰ পৰা মণিপুৰৰ জিৰিবাম হৈ খোংচাঙলৈ চলিব লগা জন শতাব্দী এক্সপ্ৰেছ ৰে’লখন সপ্তাহত তিনিদিনকৈ- সোমবাৰ, বুধবাৰে আৰু শুক্ৰবাৰে চলিব। এই শাখাটো ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম-ইম্ফল নতুন লাইন প্ৰকল্পৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা হৈছে। ইপিনে, জন শতাব্দী এক্সপ্ৰেছ ৰে’লখনত যাত্ৰীসকলৰ বাবে নতুন সুবিধাৰ সৈতে লিংকে হফমান বুছ ডবা থাকিব বুলি ৰেল বিভাগে জানিবলৈ দিয়ে। যি, যাত্ৰীসকলক যাত্ৰাকালৰ সময়ত পাহাৰীয়া অঞ্চলৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব আৰু ৩৬০ ডিগ্ৰী ঘূৰিব পৰা আসন আৰু স্বচ্ছ কাঁচৰ খিৰিকী আৰু চালৰ সৈতে ভিষ্টাডোম ডবাবোৰত যাত্ৰীসকলে আকাশ, পৰ্বত, সুৰংগ, দলং, পাহাৰ, চাহ বাগিচা আৰু সেউজীয়া অৰণ্যৰ দৃশ্য উপভোগ কৰিব পাৰিব।