দুখন ছবি
জুনু গোস্বামী খাওন্দ
মানুহ এজনৰ মুখত শুনিছিলো। সঁচা কাহিনী। বেছ ভাল লাগিল। দেউতাকে পুত্রক দিয়া পৰিশ্ৰমৰ শিক্ষা। বৰ সুন্দৰ।
দেউতাকে যথেষ্ট কষ্টৰে উপাৰ্জন কৰে। ঘৰ চলাবলৈ পত্নীৰ হাতত আর্জিত খন তুলি দিয়েহি। একমাত্র পুতেকে মাকৰ ওচৰত আবদাৰ কৰি পইচা সৰকায়। মাকেও পুত্ৰ চেনেহত বিগলিত হৈ দেউতাকে নজনাকৈ ল’ৰাৰ হাতত পইচা দিয়ে। সহজতে পইচা পাই ল’ৰা লাহে লাহে বেয়া হ’বলৈ ধৰিলে । এদিন দেউতাকে কথাটো গম পালে। কিদৰে ল’ৰাটোক ভাল পথলৈ আনিব পাৰি চিন্তা কৰিবলৈ ধৰিলে। শেষত উপায় এটা পালে। এদিন পুত্রক ক’লে– তুমি মোক বিছ টকা আনি দিয়া, নহ’লে ঘৰ সোমাবলৈ নিদিওঁ। ল’ৰাই বায়েকৰ পৰা আনি দেউতাকক দিলেহি। দেউতাকে ক’লে, সৌ নাদটোত পেলাই দিয়া। সি পেলাই দিলে। আকৌ বিছ টকা আনিবলৈ ক’লে ৷ সেইবাৰো পেহীয়েকৰ পৰা আনিলে। সেয়াও নাদত খেলাই দিবলৈ ক’লে, পেলাই দিলে। এইদৰে কেইবাবাৰো কৰাৰ পিছত পইচা খুজিবলৈ মানুহ নাইকিয়া হ’ল। আনিব নোৱাৰিলে দেউতাকে ঘৰত সোমাবলৈ নিদিয়ে। ল’ৰা অনাই বনাই ঘূৰি ৰে’ল ষ্টেচন পালেগৈ ৷ তাত দেখিলে কিছুমান মানুহে ৰে’লত যাবলৈ অহা মানুহৰ টোপোলা ৰে’লত উঠাই দি ২০-৩০ টকাকৈ ঘটিছে। বিছ টকাৰ বাবে সিও বস্তু উঠোৱাত লাগিল ৷ পঞ্চাছ টকামান গোট খোৱাৰ পিছত মনৰ, স্ফুৰ্তিত ঘৰলৈ খোজ ল’লে। কিন্তু কোনোদিন পৰিশ্ৰম নকৰা ল’ৰাটোৰ গধুৰ বস্তু উঠোৱাৰ বাবে গা বিষাবলৈ ধৰিলে। ভোকে-পিয়াহে ঘৰ সোমাই দেউতাকৰ হাতত পইচাকেই টা তুলি দিয়াত দেউতাকে পুনৰ নাদত পেলাই দিবলৈ ক’লে। সি গুজৰি উঠিল—- ইমান কষ্ট কৰি পইচাকেইটা আনিছোঁ, তুমি পানীত পেলাই দিবলৈ কৈছা? দেউতাকে তেতিয়া ক’লে—এতিয়া বুজিলানে কষ্ট কৰি অৰ্জা পইচাৰ মূল্য কিমান। মই গোটেই দিনটো পৰিশ্ৰম কৰি সংসাৰ চলাবলৈ পইচা ঘটো আৰু তুমি সেই পইচা অদৰকাৰী কামত খৰচ কৰা। পুতেক মনে মনে থাকিল আৰু গভীৰ উপলব্ধিৰে জীৱন গঢ়াৰ ৰাস্তা বিচাৰি পালে ।
যোৰহাটৰ ফালৰ এখন গাঁৱৰ এজন সহজ- সৰল মানুহৰ কথা। মানুহজনৰ দুটা ল’ৰা আৰু পৰিবাৰ। সম্পত্তিৰ নামত চাৰিজনী ম’হ। সেই ম’হ কেইজনীৰ গাখীৰ বিক্ৰী কৰিয়েই তেওঁ সংসাৰ চলায়। তাত তেওঁৰ কোনো আক্ষেপ নাই। সহজ-সৰল, এখন উদাৰ অন্তৰ, গাঁৱৰ সকলোৰে প্ৰতি মৰম-শ্ৰদ্ধা। ধৰ্ম শাস্ত্ৰৰ একো ভু-নাপায় যদিও নামঘৰত ৰাইজ বহিলে তেৱোঁ বহেগৈ। ৰাইজে চাহ খাবলৈ সদায় দুই লিটাৰ গাখীৰ নামঘৰলৈ নিবলৈ কোনোদিন নাপাহৰে। পইচাও নলয়। কিন্তু নাম গাবলৈ বহিলে আনবিলাকৰ লগত নামৰ সুৰ, চাপৰি, একো নিমিলে। মানুহবোৰে গেঙেৰি দি পিছৰ শাৰীলৈ পঠাই দিয়ে । তেওঁৰ আপত্তি নাই, লাহেকৈ উঠি যায়। ল’ৰা দুটাকো তেওঁ তেনে শিক্ষাই দিছে। মানুহক মৰম কৰিবলৈ, ম’হকেইজনীক অনাদৰ নকৰিবলৈ। ল’ৰায়ো দেখিছে । ম’হকেইজনীয়েই পৰিয়ালটোৰ অন্নদাতা। দুখততো পৰা নাই।
এদিন তেওঁৰ গাটো বেয়া লাগিল ওচৰৰ দুজনমানে কথাটো গম পাই আহিল। তেওঁ গাটো ধুব খুজিলে, ধুলে। চাহ এবাটি খাব খুজিলে, অকলে নহয়, সকলোৱে খাব লাগিব। খোৱাৰ পিছত চোতালৰ মূৰত তুলসীৰ পুলি এটা ৰুবলৈ ক’লে। ৰোৱা হ’ল। মানুহজন বহাৰ পৰা উঠি গৈ তুলসীৰ পুলিটোক সেৱা কৰিলে, কিন্তু তেওঁ চিৰদিনলৈ নুঠিল। সকলোৱে বিচূর্তি খালে। তাৰে এজনে নামঘৰত তাল বজোবাজনক আবেগত ক’লে, “তুমি যিমান তাল মিলাই বজালেও এনে মৃত্যু নোপোৱা, কষ্ট খাই তিলতিলকৈ মৰিবা। আগতে তাল, হাত-চাপৰি মিলাব নোৱৰাৰ বাবে মৃতকে কটু কথা শুনিব লগা হৈছিল। ভগৱানৰ বিচাৰৰ ওপৰত একো নাই। শুদ্ধ বিচাৰ ।