দুই হাজাৰ আঠ আৰু ত্ৰিছ অক্টোবৰ
ছেলিমা বেগম
নগাঁও
দুই হাজাৰ আঠ আৰু ত্ৰিছ
অভিশপ্ত অক্টোবৰ
আৰু নাহিব আমাৰ মাজত ।
ধাৰাষাৰ বোমা ফুটাই বিষাক্ত
নকৰে যেন আমাৰ সমাজত।
ক’ত যেন মাতৃৰ বুকু দুখ দি
কাঢ়ি নিছিলে নিস্পাপ শিশুৰ প্ৰাণ ,
আজিও কান্দে হিয়া আৱেগৰ কাহিনীৰে।
কিয়নো নিছিল কণ কণ শিশুসকলৰ প্ৰাণ ?
কি দোষ কৰিছিল সেই
স্বাধীন মনৰ শিশু সকলে ।
আজিও আমি বন্তি জ্বলাই
এই শ্বহীদ শিশু সকলৰ বাবে
দোৱা, প্ৰাৰ্থনা কৰোঁ।
ত্ৰিছ অক্টোবৰৰ দিনা
স্বৰ্গীয় শিশু সকলক বিচাৰি নাপাওঁ !
পিতৃ মাতৃয়ে কান্দে হিয়া উচপি
মনৰ মাজত বেদনা লৈ
নিজৰ সন্তানৰ ছবি খন হাতত লৈ ।
স্বাধীনতা দিৱসৰ দিনা
পুৱাই উঠি যাত্ৰা কৰিছিল
মনৰ মাজত স্বাধীনতা সোৱাদ লৈ
আনন্দ উপভোগ কৰিবলৈ ।
হাতত জাতীয় পতাকা লৈ
অবুজ শিশুৱে বুজি পোৱা নাছিল
দল সংগঠনো কি ।
স্বাধীন মনৰ শিশু আছিল সিহঁত
স্বাধীনতাৰ দিনা প্ৰাণ কাঢ়ি নিলে
ভবিষ্যতৰ সম্পাদক
আমাৰ মাজৰ পৰা।