দুই ভাতৃক হত্যা কৰা সতীয়া ভাতৃ নীৰজ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ড

দুই ভাতৃক হত্যা কৰা সতীয়া ভাতৃ নীৰজ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২৪ চনৰ ২০ ডিচেম্বৰত টংলাত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে । হত্যাকাৰী ককায়েক নীৰজ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে। উল্লেখ্য যে  দুই সতীয়া ভাতৃক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰিছিল। ওদালগুৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি সন্দেহবশতঃ সতীয়া ভাতৃ নীৰজ শৰ্মাক আটক কৰি সোধা-পোছা কৰে। জেৰাত হত্যাকাণ্ডৰ সমস্ত ঘটনা পোহৰলৈ আহে। হত্যাকাৰী নীৰজে নিজ মুখেৰে সকলো কথা স্বীকাৰ কৰে। উল্লেখ্য যে ২০২৪ চনৰ ২০ ডিচেম্বৰত বিদ্যালয়লৈ যোৱা সময়ৰে পৰা নিৰুদ্দেশ হৈছিল টংলা কেন্দ্রীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু আৰু ভাতৃ কৌশিক শৰ্মা। টংলাৰ যোৰপুখুৰীৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ আছিল গৌৰৱ আৰু কৌশিক। নিৰুদ্দেশ হোৱাৰ এদিন পিছত দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হৈছিল নাইকা নদীত। ওদালগুৰি জিলা আৰক্ষী, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া, টংলা আৰক্ষীয়ে কেছ ডায়েৰী প্ৰস্তুত কৰাৰ বাবে আজি হত্যাকাৰীয়ে উচিত শাস্তি পোৱাত সকলো দল-সংগঠনে আদৰণি জনায়।