দুই জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ছুইচাইড নোট লিখি আত্মহত্যা কনিষ্ঠ অভিযন্তাৰ

দুই জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ছুইচাইড নোট লিখি আত্মহত্যা কনিষ্ঠ অভিযন্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁৱত লোক নির্মাণ বিভাগৰ দুজনকৈ ঊর্ধ্বতন অভিযন্তাৰ বিৰুদ্ধে ছুইচাইড নোট লিখি আত্মহত্যাৰ পথ বাছি ল’লে যষিতা দাস নামৰ এগৰাকী কনিষ্ঠ অভিযন্তাই। লোকনির্মাণ (গৃহ) বিভাগৰ কনিষ্ঠ অভিযন্তাগৰাকীৰ এইদৰে ক্ষোভ আৰু অসন্তুষ্টিৰে চৰম পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি দুপৰীয়া বঙাইগাঁৱৰ বৰপাৰাস্থিত ভাৰাঘৰত যষিতা দাস নামৰ কনিষ্ঠ অভিযন্তাগৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। দুপৰীয়ালৈ যুৱতীগৰাকীয়ে দৰ্জা খুলি কোঠাৰ পৰা ওলাই নহাৰ ফলত গৃহস্থ চিন্তিত হৈ পৰে। একেদৰে দেৰিলৈকে গুৱাহাটীৰ শিলপুখুৰীত থকা যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে যোগাযোগ কৰি নোপোৱাত কাৰ্যালয়ত যোগাযোগ কৰে। কাৰ্যালয়ৰপৰা অহা লোক আৰু গৃহস্থই মিলি দর্জা ভাঙি বন্ধকোঠাৰ ভিতৰত যুৱতীগৰাকীক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে। কিন্তু মৃতদেহৰ কাষতে উদ্ধাৰ হোৱা ছুইচাইড নোটে সমগ্র ঘটনাক অন্য মোৰ দিছে। মৃত্যুৰ পূর্বে লিখি থৈ যোৱা উক্ত দুই পৃষ্ঠাজোৰা নোটত দুগৰাকী ঊর্ধ্বতন অভিযন্তা জগৰীয়া কৰি থৈ গৈছে যষিতাই। বঙাইগাঁও লোক নির্মাণ (গৃহ) বিভাগৰ কার্যবাহী অভিযন্তা দীনেশ শর্মা মেধি আৰু এছডিঅ’ আমিনুল ইছলামে কনিষ্ঠ অভিযন্তাগৰাকীৰ ওপৰত অসহনীয় হেঁচা প্রয়োগ কৰি অহাৰ ফলত মানসিকভাৱে ভাগি পৰাৰ কথা তেওঁ ছুইচাইড নোটত প্রকাশ কৰে। কাম সম্পূর্ণ নকৰাকৈয়ে বিল মুকলি কৰি দিয়াৰ বাবেও দুই অভিযন্তাই হেঁচা দিয়াৰ কথা নোটত উল্লেখ কৰি গ’ল কনিষ্ঠ অভিযন্তাগৰাকীয়ে। মৃত কনিষ্ঠ অভিযন্তাগৰাকীয়ে ছুইচাইড নোটত উল্লেখ কৰা অনুসৰি বৰ্ষণগাঁও ষ্টেডিয়াম নিৰ্মাণৰ কামত কনিষ্ঠ অভিযন্তা হিচাপে তেওঁ নিয়োজিত হৈ আছিল। তেওঁ অকলে সকলোবোৰ কাম কাজ চোৱা-চিতা কৰিবলগীয়া হৈছিল। কনিষ্ঠ অভিযন্তাগৰাকীক সহযোগিতা কৰাৰ বাবেও বিভাগীয় কোনো লোক নাছিল। একে সময়তে ত্রুটিপূর্ণ প্রাক্কলন অনুসৰি দুই অভিযন্তাই কাম কৰাৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে ছুইচাইড নোটত। এইদৰে ষ্টেডিয়ামৰ প্রায় ৬৬ শতাংশ কাম সম্পূৰ্ণ কৰি তোলা হয়। প্রাক্কলন অনুসৰি কাম সম্পূর্ণ নকৰাকৈ বিল মোকলাই দিয়াৰ বাবে দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামে হেঁচা দি অহাত কনিষ্ঠ অভিযন্তাগৰাকী মানসিকভাৱে ভাগিপৰা বুলি উল্লেখ কৰিছে। নিজ পিতৃ আৰু লিজাৰ পৰা ক্ষমা প্রার্থনা বিচাৰি নিজৰ চৰম সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। ইফালে কনিষ্ঠ অভিযন্তাগৰাকীক চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা খবৰ লাভ কৰি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এন চিংচনসহ আৰক্ষী আৰু ফৰেনছিক দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশ তথা বঙাইগাঁও ৰাজহ চক্র বিষয়া মৌচম প্রতিম নাথ উপস্থিতিত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইতিমধ্যে পৰিয়ালৰ লোকে আহি মৃতদেহ চমজি লৈ গুৱাহাটী অভিমুখে ৰাওনা হৈছে। কিছুদিন পূর্বে দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামে বঙাইগাঁৱৰ পৰা বদলি হৈ ক্রমে নলবাৰী আৰু গুৱাহাটীত কৰ্মৰত হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে, কনিষ্ঠ অভিযন্তাৰ ছুইচাইড নোটত নাম উল্লেখ থকা অভিযন্তা দীনেশ শর্মা মেধি আৰু এছডিঅ’ আমিনুল ইছলামক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। গুৱাহাটীৰ পৰা দুয়োকে বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে।