দুই এক বিক্ষিপ্ত ঘটনাৰ মাজতে ডিব্ৰুগড় জিলাৰ ভোটদানৰ হাৰ ৮০.০২ শতাংশ

দুই এক বিক্ষিপ্ত ঘটনাৰ মাজতে ডিব্ৰুগড় জিলাৰ ভোটদানৰ হাৰ ৮০.০২ শতাংশ: লুৰিণ জ্যোতিৰ বাহন ক্ষতিগ্ৰস্ত

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ডিব্ৰুগড় জিলাত দুই এক বিক্ষিপ্ত ঘটনাৰ মাজতে আজি ভোট গ্ৰহণৰ পৰিসমাপ্তি ঘটে।পুৱা প্ৰতিকুল বতৰৰ স্বত্বেও ডিব্ৰুগড় জিলাৰ ছয়টা বিধানসভা সমষ্টিত উৎসাহজনক ভোটদান পৰিলক্ষিত হয়। ডিব্ৰুগড় জিলাৰ ভোটদানৰ হাৰ ৮০.০২ শতাংশ। ইয়াৰ ভিতৰত নৱগঠিত খোৱাং বিধানসভা সমষ্টিয়ে ৮২.৫৫ শতাংশৰে জিলাখনৰ ভিতৰত শীৰ্ষস্থান দখল কৰে। সমগ্ৰ জিলাখনতে ভোটাৰৰ মাজত ব্যাপক উৎসাহ দেখা গৈছিল যদিও খোৱাংত সংঘটিত এক নিৰ্বাচনী হিংসাৰ ঘটনাই শান্তিপূৰ্ণ ভোটদানৰ পৰিৱেশত কিছু বিঘিনি ঘটায়।চূড়ান্ত পৰিসংখ্যা গণনাৰ পাছত এই হাৰ সামান্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰেকৰ্ড কৰা ৭৫.৩৬ শতাংশৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে, যিটো বিষয় দুয়োটা মুখ্য শিবিৰৰ বাবে এক গুৰুত্বপূৰ্ণ বিশ্লেষণৰ বিষয় হৈ পৰিছে। এই আসনখনত চাৰিবাৰৰ বিধায়ক তথা ৰাজ্যিক শক্তি মন্ত্ৰী, বিজেপিৰ প্ৰশান্ত ফুকন আৰু অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰজোঁট প্ৰাৰ্থী (এজেপি) মৈনাক পাত্ৰৰ মাজত প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। ​জিলাখনৰ আটাইকেইটা সমষ্টিতে ভোটদানৰ হাৰ শক্তিশালী আছিল:​খোৱাং: ৮২.৫৫% ​চাবুৱা-লাহোৱাল: ৮১.৪১%, ​টিংখং: ৮০.১২%, ​দুলীয়াজান: ৭৯.৭১%, নাহৰকটীয়া: ৭৮.৮১%,​২০২১ চনৰ তুলনাত দুলীয়াজানত ভোটদানৰ হাৰ ৭৭.৪২% ৰ পৰা ৭৯.৭১% লৈ আৰু টিংখঙত ৭৯.৫২% ৰ পৰা ৮০.১২% লৈ বৃদ্ধি পাইছে।​উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ডিব্ৰুগড় জিলাৰ মৰাণ, লাহোৱাল আৰু চাবুৱাৰ দৰে পুৰণি সমষ্টিসমূহ বিলুপ্ত কৰা হৈছে। তাৰ পৰিৱৰ্তে এই নিৰ্বাচনত খোৱাং আৰু চাবুৱা-লাহোৱাল নামৰ দুটা নৱগঠিত সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে।​খোৱাং বিধানসভা সমষ্টিৰ কোটোহাত বিজেপি আৰু এজেপি সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসাৰ খবৰ পোৱা গৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হয়। সংঘৰ্ষৰ সময়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈ আৰু এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত এক হাই-প্ৰফাইল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে, আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু পৰ্যাপ্ত পৰিমাণে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। দিনটোৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত নিজৰ ভোটদান সাব্যস্ত কৰাৰ পাছত শাসকীয় মিত্ৰজোঁটৰ বিজয়ৰ সন্দৰ্ভত আত্মবিশ্বাস প্ৰকাশ কৰে। তেওঁ কয়, “অসমৰ ৰাইজে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ বিচাৰিছে। তেতিয়াহে ৰাজ্যত শান্তি আৰু প্ৰগতি অব্যাহত থাকিব।” তেওঁ ১২৬ খন বিধানসভা আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে প্ৰায় ১০০ খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰে।ইফালে ডিব্ৰুগড়ত মুঠ ছটা সমষ্টিত মুঠ ১০,৪৬,০৩১ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৪ জন প্ৰতিদ্বন্দ্বিৰ। ইতিমধ্যে ইভিএম মেচিনত আবদ্ধ হৈছে ভাগ্য। ডিব্ৰুগড় জিলাত মুঠ ১৩২২ টা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াৰ ৩০০টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিছে মহিলাই।শৃংখলাবদ্ধত আৰু শান্তিপূৰ্ণ ভোটদান সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল যদিও আবেলি সময়ত খোৱাং ত চক্ৰধৰ গগৈ বাসগৃহ সমীপত অসম জাতীয় পৰিষদৰ সৈতে উতপ্ত পৰিস্থিতি সৃষ্টি হয়। স্বাক্ষৰ জ্যোতি বৰগোহাঁই আহত হোৱা লগতে তেওঁৰ এখন বলেৰ বাহন ভাঙি চুৰমাৰ কৰে বিজেপি কৰ্মীয়ে। ইয়াকে কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে। চাবুৱা-লাহোৱাল: মুঠ ভোটাৰ ১,৭৮,৩৯৭ বিপৰীতে -পুৰুষ: ৮৫,৭৩৬, মহিলা: ৯২,৬৬০ আৰু অন্যান্য: ১গৰাকী। ভোট দানৰ হাৰ ৮১.৪%, ডিব্ৰুগড়ঃ ১,৯৭,৭৫২ ৰ বিপৰীতে পুৰুষ: ৯৩,৯৭৯, মহিলা: ১,০৩,৭৭১ আৰু অন্যান্য: ২ গৰাকী। ভোটদানৰ হাৰ ৭৯.৭১%, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন আৰু মইনাক পাত্ৰ লগতে হৈছে মুল প্ৰতিদ্বন্দ্বিতা। খোৱাং: ১,৫৭,৭৬৮ ৰ বিপৰীতে পুৰুষ: ৭৬,৩৬৮, মহিলা: ৮১,৩৯৭ আৰু অন্যান্য: ৩ গৰাকী।ভোটদানৰ হাৰ ৮২.৫৫%, চক্ৰধৰ গগৈ আৰু লুৰিণ জ্যোতি গগৈ সৈতে হ’ব মুল‌‌ প্ৰতিদ্বন্দ্বিতা। নিৰ্দলীয় বিজু দুৱাৰা আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ ডা: দাস।দুলীয়াজানঃ ১,৭৭,৫৫২ ৰ বিপৰীতে পুৰুষ: ৮৫,৮৭৭, মহিলা: ৯১,৬৭২ আৰু অন্যান্য: ৩ গৰাকী। ভোটদানৰ হাৰ ৭৯.৭১/ ৰামেশ্বৰ তেলী আৰু ধ্ৰুৱ জ্যোতি গগৈ মাজত মুল প্ৰতিদ্বন্দ্বিতা। টিংখং: ১,৭৮,২০১ ৰ বিপৰীতে পুৰুষ: ৮৫,৯৬০, মহিলা: ৯২,২৪১ গৰাকী। ভোটদানৰ হাৰ -৮০.১২%,বিমল বৰা আৰু বিপুল গগৈ মাজত মুল প্ৰতিদ্বন্দ্বিতা হ’ব।শতাংশ নাহৰকটীয়াঃ ১,৫৬,৩৬১ ৰ বিপৰীতে পুৰুষ: ৭৬,২৮৬, মহিলা: ৮০,০৭৪ আৰু অন্যান্য: ১ গৰাকী। ভোটদানৰ হাৰ ৭৮.৮১ । তৰংগ গগৈ আৰু প্ৰণতি ফুকনৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা হৈছে।