দুই অসমীয়া পৰ্বত আৰোহীয়ে কাঞ্চনজংঘাত  উৰুৱালে ত্ৰিৰংগা আৰু অসমীয়াৰ স্বাভিমানৰ গামোচা

দুই অসমীয়া পৰ্বত আৰোহীয়ে কাঞ্চনজংঘাত  উৰুৱালে ত্ৰিৰংগা আৰু অসমীয়াৰ স্বাভিমানৰ গামোচা

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ দুই অসমীয়াই ৰচিলে ইতিহাস৷ দুই অসমীয়া পৰ্বত আৰোহীয়ে তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাত  উৰুৱালে ত্ৰিৰংগা আৰু অসমীয়াৰ স্বাভিমানৰ গামোচা৷ বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত দুই অসম সন্তান তথা পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমীয়াক। অসম পৰ্বতাৰোহী সংস্থাৰ হৈ অভিযানত নামিছিল দুয়ো। সংস্থাটোৰ লগতে অসমৱাসীয়ে দুয়োকে লৈ গৌৰৱান্বিত হৈছে।দুয়োগৰাকী পৰ্বতাৰোহীক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মানস বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আছিল ৫গৰাকী পৰ্বতাৰোহী। দলটোত আছিল- ডাঃ জগদীশ বসুমতাৰী, উপেন চক্রৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, শেখৰ বৰদলৈ। মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুয়ে ফ্লেগ অফ কৰিছিল।