দুঃস্বপ্নৰ আলিংগন – হীৰক কলিতা

দুঃস্বপ্নৰ আলিংগন 
 হীৰক কলিতা , নলবাৰী 
সি ভাবিছিল এপাহ সূৰ্যমুখী
ফুলৰ কথা কিন্তু তাৰ
বিপৰীতে পালে এপাহ মৰহা
গোলাপৰ বেদনা ।
সি ভাবিছিল এখন সপোন
চহৰৰ কথা কিন্তু তাৰ
বিপৰীতে পালে এজাক
ৰ’দে ভৰা চহৰৰ কথকতা ।
এতিয়া সি পাহৰিলে এটি স্বপ্নৰ
কথা , সি উভতি আহিল সপোন
বাটৰ একেটা পথৰে ।
এতিয়া সি ব্যস্ত যান্ত্ৰিকেৰে
ভৰা এখন চহৰৰ মাজত ,
য’ত সি কথা পাতে নিশাৰ
পথত ষ্ট্ৰীট লাইতৰ তলত শুই
থকা কুকুৰবোৰৰ লগত ।
এতিয়া সি ব্যস্ত ৰ’দৰ সৈতে ,
সি ভাবে ভোকৰ কথা , তাৰ
মনত নাই কোনো সপোন
বাটৰ কথা , এতিয়া সি সাজু
বাস্তৱৰ খোজত খোজ
মিলাবলৈ….।