দীপাৱলী হৈছে মনোৰঞ্জন,জুৱা আৰু উৎপাতৰ উৎসৱ
শৈলেন কুমাৰ
মিৰ্জা
দীপাৱলী পোহৰৰ উৎসৱ হিচাপে ভাৰতীয় সকলোৱে পালন কৰে ৷ ঐতিহাসিক আৰু পৌৰাণিক তথ্য অনুসৰি শ্ৰীৰামচন্দ্ৰই দীপাৱলীৰ দিনাখন বনবাস সম্পূৰ্ণ কৰি ঘৰ উভতিছিল আৰু অযোধ্যাবাসীয়ে দীপ জ্বলাই ৰামচন্দ্ৰক আদৰণি জনাইছিল ৷ তেতিয়াৰ পৰাই সেই বিশেষ দিনটো ভাৰতবৰ্ষত দীপাৱলী উৎসৱ হিচাপে পালন কৰে ৷ কিন্তু বৰ্তমানৰ সমাজ ব্যৱস্থা এনেদৰে গেলি গৈছে দীপাৱলীত ৰামৰ কথা আৰু জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ কথা কোৱা নহয় ৷ দীপাৱলীত সাধাৰণতে লক্ষ্মীৰহে পূজা কৰা দেখা যায় ৷ ঘৰৰ সামগ্ৰী গাড়ীঘোঁৰা ক্ৰয়বিক্ৰয় কৰা উৎসৱহে যেন দীপাৱলী ৷ এয়া জানো শ্ৰীৰামচন্দ্ৰৰ লগত অন্যায় কৰা হোৱা নাই নে ? শ্ৰীৰামচন্দ্ৰ আছিল ত্যাগৰ প্ৰতিমূৰ্ত্তি আৰু আমি দীপাৱলী ভোগৰ উৎসৱ হিচাপে পালন কৰোঁ ৷ ৰামৰ নামলৈ আমি উৎসৱ পালন নকৰোঁ উৎপাত,তাণ্ডৱহে কৰোঁ ৷ ৰামৰ উৎসৱক আমি ৰাৱনৰ দৰে পালন কৰোঁ ৷ ৰাৱনৰ লংকা যিদৰে সোণৰে ভৰি আছিল দীপাৱলীত আমি আমাৰ ঘৰখনো ভোগৰ সামগ্ৰীৰে ভৰাই তুলোঁ ৷ ৰামচন্দ্ৰই যি কৰিব পাৰে সেয়া আমাৰ কৰিবলৈ সাহস নাই,ৰামচন্দ্ৰই সেইসময়ৰ শক্তিশালী,ক্ষমতাশালী ৰাৱনৰ লগত যুদ্ধ কৰাৰ সাহস দেখুৱাইছিল,কিন্তু আমি ঘৰত এটা নিগনী দেখা পালে ভয়ত জপিয়াই ফুৰোঁ ৷ ৰামচন্দ্ৰই ৰাৱনৰ লগত যুদ্ধ কৰিছিল কিন্তু আমি সাধাৰণ নিগনী এটা দেখিলে ভয়ত পেপুৱা লাগো আৰু আমি দীপাৱলী ৰামচন্দ্ৰৰ নামত মিঠাই,আঅলংকাৰ,জুৱা,আতছবাজীৰ চমক দেখুৱাই পালন কৰিবলৈ যাওঁ ৷ দীপাৱলীৰ এমাহ আগৰেপৰা জুৱা খেলাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয়,শ্ৰীৰামচন্দ্ৰই জানো জুৱা খেলিছিল? আমি নিজস্ব কামনা বাসনা পূৰণ কৰিব লাগে কিন্তু ৰামচন্দ্ৰৰ নামত,ধৰ্মৰ নামত,উৎসৱৰ নামত নহয়। উৎসৱ কি কাৰণে আমি পালন কৰোঁ তাৰ প্ৰকৃত অৰ্থ আমি নাজানো ৷ উৎসৱ হৈছে আধ্যাত্মিকতাৰ এলাৰ্ম,বহুত গভীৰ আধ্যাত্মিক দৃষ্টিভংগী আমি পাহৰি পেলাইছোঁ তাক মনত কৰাৰ সময় হৈছে উৎসৱ ৷ দীপাৱলীত আমি ত্যাগৰ প্ৰতিমূৰ্ত্তি শ্ৰীৰামচন্দ্ৰক স্মৰণ কৰা উচিত,ত্যাগক স্মৰণ কৰি দীপ প্ৰজ্বলিত কৰা উচিত ৷ যিবোৰ অনাৱশ্যকীয় সেইবোৰ ত্যাগ কৰাৰ উদ্দেশ্য হৈছে দীপাৱলী ৷ এই চিন্তাধাৰাৰে যদি আমি দীপাৱলী উদযাপন কৰোঁ তেতিয়া আমাৰ দীপাৱলী ৰামমুখি হব অন্যথা যদি ভোগৰ দৃষ্টিৰে আমি দীপাৱলী পালন কৰোঁ তেতিয়া আমাৰ দীপাৱলী ৰাৱনৰ দৰে হব ৷ যিটো ধৰ্ম আৰু সুস্থ মনৰ বিৰুদ্ধে তাক ত্যাগ কৰাৰ অৰ্থ হৈছে দীপাৱলী ৷ জীৱনত যি অনাৱশ্যকীয় যিয়ে আমাক লোভ আৰু ভয় দেখুৱাই তাক ত্যাগ কৰাৰ অৰ্থ হৈছে দীপাৱলী ৷ আমি যিমানেই অনাৱশ্যক বস্তুবোৰৰ পৰা মনটো আতোৰোৱাই ৰাখিম তেতিয়া মনত সঁচা আৰু শুদ্ধ অৰ্থত দীপ প্ৰজ্বলিত হব আৰু মনটো পোহৰাই তুলিব । ভিতৰৰ অন্তৰমন অন্ধকাৰ কৰি বাহিৰ জগতত পোহৰ কৰি তুলিলে দীপাৱলী পালন কৰা নুবুজাই। মনৰ ভিতৰৰ লেটেৰাবোৰ পৰিষ্কাৰ কৰি দীপ জ্বলোৱাৰ অৰ্থ হৈছে দীপাৱলী ৷ প্ৰত্যেক দীপাৱলীত যিবোৰ আপোনাৰ আৱৰ্জনা আছে,বিষাক্ত আছে,অনাৱশ্যক আছে সেইবোৰ পৰিষ্কাৰ কৰক তেতিয়াহে আপোনালোকৰ দীপাৱলী পালন কৰাৰ সাৰ্থকতা থাকিব ৷