দীপাৱলী – ময়ূৰাক্ষী গগৈ

Pc - NDTV.com

দীপাৱলী

পোহৰৰ উৎসৱ তুমি দীপাৱলী।
আন্ধাৰ খেদি আলোকেৰে সজোৱা ধৰা,
অসৎ আঁতৰাই সৎ প্ৰতিষ্ঠা কৰা।
হে আলোকৰ ৰাণী দ্বীপান্বিতা,
জ্ঞানৰ পোহৰ বিলাই
মনৰ অন্ধকাৰ দূৰ কৰা।
গৃহে গৃহে মম, বন্তি,আলোকৰ সজ্জা।
বোম,ফটকা,আতচবাজীৰ শব্দ।
ধোঁৱাই ছানি ধৰিছে আকাশ।
চাৰিওফালে প্ৰদূষণেই প্ৰদূষণ।
এয়া জানো উৎসৱ?
আহক আমি সকলোৱে মিলি,
এই প্ৰদূষণ ৰোধ কৰি
কেৱল চাকি বন্তি জ্বলাই,
আলোকৰ উৎসৱক আলোকময়
কৰি উদযাপন কৰোঁ।

ময়ূৰাক্ষী গগৈ