দীপাৱলী
বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)
দীপাৱলী মানে হল পোহৰৰ উৎসৱ। প্ৰতিবছৰে শৰৎ কালত পালন কৰা হয় দীপাৱলী। এই উৎসৱে আমাৰ আনন্দৰ লগতে পোহৰেৰে আলোকিত কৰে। এই উৎসৱটো অতিকৈ জনপ্রিয় কিয়নো দীপাৱলীৰ সময়ত সকলোৰে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, কাৰ্যালয়, মন্দিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি সকলোবোৰ সুন্দৰকৈ সজাই তোলা হয়। সেইদিনা সকলোৱে ঘৰৰ বাহিৰে ভিতৰে মিঠাতেলৰ মাটিৰ চাকি, মমৰ লগতে বৈদ্যুতিক মাধ্যমেৰ কাৰুকাৰ্য কৰি সজায়। ফুলজাৰি, বোমা, ফটকা আদি ফুটাই আনন্দ কৰাই দীপাৱলী অন্যতম বৈশিষ্ট্য। আমাৰ সকলোৰে ঘৰে ঘৰে ধুনীয়াকৈ ৰংগোলী বনাইও দেৱালীৰ দিনা আনন্দ লাভ কৰো। আকাশখন বিভিন্ন ৰঙেৰে পোহৰাই তোলে। কমাৰ সকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মাটিৰ চাকি।আৰু এই মাটিৰ চাকিৰ পোহৰত জিলিকি উঠে ঘৰৰ চৌপাশ।সময়ৰ গতিত সলনি হয় মানুহৰ মন,আৰু এই আকাশত জ্বলা নানাৰঙি ৰংবোৰে আনে এক পোহৰৰ পণ। সেই পোহৰে সকলোকে পোহৰাই তুলি আনে এক সুকীয়া মাদকতা।