দীপাৱলী পোহৰৰ উৎসৱ – অনামিকা (সংগীতা)কলিতা

Pc Ubuy Nepal

দীপাৱলী পোহৰৰ উৎসৱ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

“ধৰ্মক ৰাখিবা অধৰ্ম নাশি”।

ভাৰতবৰ্ষ এখন বৈচিত্ৰপূৰ্ণ দেশ ।বিভিন্ন ভাষা ,বিভিন্ন ৰীতি- নীতি কিন্তু একতাৰ দোলেৰে সমাজখন ধৰি ৰখাত বিশেষ ভূমিকা পালন কৰি আহিছে এই উৎসৱ সমূহে।

প্ৰতিটো উৎসৱৰে এক সুকীয়া বৈশিষ্ট আছে। ধৰ্মীয়গ্ৰন্থ আদিতো উল্লেখ আছে সমাজখনত সুস্থ বাতাবৰণ  ভাতৃত্ব বোধৰ চানেকী আৰু অশুভ শক্তি নাশ কৰা ।

দীপাৱলী অৰ্থ পোহৰ মানে আলোক এক অস্তিত্বৰ সমাহাৰ।  কিছুমান ঠাইত দেৱালী বুলিও কয়।আন্ধাৰ নাশ কৰি ধৰাত পোহৰেৰে আলোকিত কৰা অৰ্থাৎ দুষ্টক দমন কৰি শান্তি স্থাপনৰ এক শীতল সংগ্ৰাম ।ৰামচন্দ্ৰই ৰাৱণক বধ কৰি  তেখেতৰ সহ -ধৰ্মিনী দেৱী  সীতাক ৰাৱণৰ পৰি মুক্ত কৰি তেওঁলোকৰ অযোধ্যাৰ আগমনৰ কাহিনীয়েই হওঁক বা শ্ৰী কৃষ্ণই কংসক বধ কৰা মথুৰা বৃন্দাবনত কংসৰ অত্যাচাৰৰ পৰা মুক্ত কৰা  ইত্যাদিৰ মূল হ’ল অশুভ শক্তিৰ ওপৰত শান্তিৰ বিজয়ৰ হৰ্ষোল্লাস । সেই কাৰণে এই উৎসৱ ভাৰত বৰ্ষৰ বাহিৰেও বিভিন্ন দেশতো পালন কৰা দেখা যায় ।

দীপাৱলী বা দেৱালী উৎসৱত কিছুমান ঠাইত লক্ষ্মী পূজা আৰু কিছুমান ঠাইত কালি পূজাও হয় । পোহৰৰ এই আলোকৰ লগত আমাৰ আৰাধ্য দেৱ-দেৱীৰ লগতে ঘৰৰ গৃহিনী জনীকো লখীমিৰ এক স্থান আছে । উৎসৱ আদিত পৰিয়ালৰ লোক সকল,ওচৰ চুবুৰীয়াৰ  সৈতে উপহাৰ আৰু মিঠাইৰ আদান -প্ৰদানৰ জৰিয়তে ৰক্ষা হয় একতাৰ বান্ধোন । সময়ৰ লগে লগে কিছুমান তিথি পৰ্ব সংযোগ হৈছে। দীপাৱলীৰ দুদিন আগতে ধনতেৰাছ পালন কৰে। সেই দিনা সোণ -ৰূপ,ঝাড়ু, ধনীয়া আদি কিনিলে ঘৰলৈ লক্ষ্মী  দেৱীৰ আগমন হয়  বুলি কোৱা শুনিছোঁ ।

শব্দৰ প্ৰদূষণ হয় আতচবাজী প্ৰদৰ্শনৰ পৰা বিৰতি থাকিব লাগে।শব্দৰ প্ৰদূষণ পৰা হৃদয় ৰোগী আৰু  নৱজাতক শিশুসকলে ভয় খাব পাৰে  ইয়াৰ লগতে বায়ু প্ৰদূষণ যথেষ্ট  হয়। মাটিৰ চাকি, ৰঙ বিৰঙৰ লাইট ফুলজাৰি ইত্যাদিৰে শান্তিপূৰ্ণ ভাৱে পৰিয়ালৰ সৈতে দীপাৱলী পালন কৰিব পাৰি।

আমাৰ গাঁওতো বৰ্তমান এই উৎসৱত আটচ -বাজিৰ সলনি ৰং -বিৰঙৰ চাকি ,ৰংগুলীৰ ওপৰত প্ৰাধান্য দিয়ে ।কাতি মাহৰ এই অমাৱশ্যাৰ অমানিশাক নাশ কৰি আলোকৰএক সুন্দৰ বাতাবৰণৰ সৃষ্টিৰ অৰ্থই হ’ল দীপাৱলী ।দীপাৱলীত ৰঙ বিৰঙৰ চাকি জ্বলাই লক্ষ্মী দেৱীক আৰধনা কৰিলে মন প্ৰশান্তিৰে ভৰি পৰে কিন্তু আটচ বাজিয়ে পৰিবেশ বিনষ্ট কৰাৰ লগতে সেই আটচ বাজি কাৰোবাৰ ঘৰত পৰি জুই আদিও লাগিব পাৰে ।উদাহৰণ  বহুত দেখিছো তেনে  ঘটনা  ।গতিকে সকলোৱে সুৰক্ষিত হৈ পৰিয়ালৰ সৈতে দীপাৱলী পালন কৰক। দীপাৱলীয়ে সকলো লৈকে কঢ়িয়াই আনক সুখ সমৃদ্ধ তাৰে কামনা কৰিলো।