দীপান্বিতা উপলক্ষে মাখন ভোগত উপহাৰ

Pc- Justdial

দীপান্বিতা উপলক্ষে মাখন ভোগত উপহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আনন্দ আৰু উৎসৱমুখৰ এই পবিত্ৰ দীপান্বিতা উপলক্ষে গুৱাহাটীৰ প্ৰসিদ্ধ মিঠাইৰ বিপণী মাখন ভোগে আগবঢ়াইছে মিঠাই, ড্রাই ফুট, চকলেট, মেক আৰু কুকিজ নতুন কালেকচনৰ লগতে থাকিব সুন্দৰকৈ সজোৱা আকর্ষণীয় উপহাৰৰ বাকচ। সোঁৱাদ আৰু গুণগত মানত অনন্য মাখন ভোগে সদায় গ্ৰাহকৰ আৱশ্যকতা, বাজেট আৰু বয়স অনুসাৰে নিজৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি আহিছে, যাতে প্রতিজন ব্যক্তিয়ে মিঠাইৰ সোঁৱাদ আৰু অনাবিল আনন্দ লাভ কৰিব পাৰে। তাৰ লগতে যাতে নিজৰ আত্মীয়-স্বজনক উপহাৰ দি আনন্দ লভিব পাৰে। মাখন ভোগে মাৱাৰ মিঠাই, লাৰু, গুলাব জামুন, কাজু বৰ্ফি আদি মিঠাইৰ গিফট বক্সৰ উপৰিও চকলেট, ড্রাই ফুট, কেক আৰু নিমকি আদিৰে আকৰ্ষণীয় উপহাৰৰ টোপোলাও মুকলি কৰিছে। মিঠাই আৰু ড্ৰাই ফুইটচৰ গিফট বক্সৰ দাম ক্ৰমে ২০০ আৰু ৪০০ টকাৰ পৰা আৰম্ভ হৈছে আৰু বিভিন্ন দামৰ আছে। গ্ৰাহকে নিজৰ পচন্দ অনুসৰি বনাঞ্জৱা গিফট বক্সো অৰ্ডাৰ কৰিব পাৰে। ২০০৯ত স্থাপিত মাখন ভোগ গুৱাহাটীৰ অগ্ৰণী মিঠাইৰ দোকানৰ অন্যতম। গ্রাহকে উলুবাৰী, ফাঁচী বজাৰ আৰু গণেশগুৰিত থকা যিকোনো এখন মাখন ভোগ বিপণীলৈ গৈ মিঠাই আদি কিনিব পাৰে।