দীপাংকৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী আৰক্ষীৰ শাস্তিৰ দাবী আপৰ

দীপাংকৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী আৰক্ষীৰ শাস্তিৰ দাবী আপৰ

ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ জেৰাৰ নামত চলোৱা অমানুষিক নিৰ্যাতনৰ বাবে ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল দীপাংকৰ গগৈ নামৰ তিতাবৰৰ এজন যুৱকে। উক্ত ঘটনাৰ সৈতে জড়িত দোষী আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে দীপাংকৰৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। আজি আপৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয় যে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থা এন আই এৰ চাৰ্জশ্বিটেই দীপাংকৰৰ নিৰ্দোষিতাৰ প্ৰমাণ হিচাপে যথেষ্ট। আপৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীত থকা ভাৰতীয় সেনাৰ শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ বাবে মাথো সন্দেহৰ ভিত্তিত অসম আৰক্ষীয়ে তিতাবৰৰ দীপাংকৰ গগৈ নামৰ এজন যুৱকক অমানুষিক নিৰ্যাতন চলাইছিল। গ্ৰেনেড বিস্ফোৰণত সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে জেৰা চলোৱাৰ সময়ত শাৰীৰিক আৰু মানসিক ভাৱেও নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বাবেই থানাৰ পৰা ঘৰলৈ গৈ ৰহস্যজনক মৃত্যু হৈছিল দীপাংকৰৰ। অসম আৰক্ষীয়ে দীপাংকৰ গগৈ বিষ্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সোধ- পোছৰ নামত নিৰ্যাতন চলাইছিল আৰু তাৰ পাছতে দীপাংকৰৰ মৃত্যু হৈছিল। কিন্তু শেহতীয়াভাৱে প্ৰকাশিত নিয়াৰ চাৰ্জশ্বিটত দীপাংকৰ গগৈৰ নাম নথকাটোৱে অসম আৰক্ষী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ গৃহ বিভাগৰ অত্যাচাৰী স্বৰূপ উদঙাই দিছে। পুলিচী অত্যাচাৰৰ বলি হৈ মৃত্যু হোৱা দীপাংকৰ গগৈৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ দুদিন পাছতে দীপাংকৰৰ সোধ- পোছৰ সৈতে জড়িত আৰক্ষী অধীক্ষক মোহনলাল মিনা, মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ কুমাৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰ দাখিল কৰিছিল । কিন্তু বিগত ছমাহে মুখ্যমন্ত্ৰীৰ অধীনস্থ গৃহ বিভাগৰ গাফিলতিৰ বাবেই এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। ” আম আদমী পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক গৰাকীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ লগতে দীপাংকৰ গগৈৰ পৰিয়ালক শকত পৰিমাণৰ এক কালীন সাহায্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। অনাগত দিনত ৰাজ্যখনত সন্দেহৰ ভিত্তিত যাতে কোনো লোককে আৰক্ষীৰ দ্বাৰা বৰ্বৰ নিৰ্যাতন চলোৱা নহয় সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ গৃহ বিভাগে ৰাজ্যবাসীক আশ্বস্ত কৰা উচিত।”