দীপাংকৰ,বিশাল, তার্কিক,চুমিক নিজৰ জিম্মাত ল’লে চিবিআয়ে
ৰঙিলী বাৰ্ত্তাসেৱা– অব্যাহত আছে ৰাজ্যত সংঘটিত বিয়াগোম অনলাইন ট্রেডিং কেলেংকাৰিৰ তদন্ত। গোচৰ গ্রহণ কৰিয়েই তৎপৰ হৈ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অনলাইন ট্রেডিং কেলেংকাৰিৰ চাৰিজন মাষ্টাৰমাইণ্ডক নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰে। প্ৰাপ্ত তথ্য অনুসৰি ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ লগতে ৰাজ্যত প্ৰৱঞ্চনাৰ জাল মেলা চুমি বৰা, বিশাল ফুকন আৰু তার্কিক বৰাকো চিবিআয়ে জিম্মাত লৈছে। তেওঁলোকক গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিবিআয়ে নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে দীপাংকৰ বৰ্মনক ৬ দিন আৰু চুমি-বিশাল-তার্কিকক তিনি দিনৰ বাবে চিবিআয়ে নিজৰ জিম্মাত লৈছে। আটাইকেইজন অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটীস্থিত চিবিআইৰ কাৰ্যালয়লৈ লৈ অহাৰ লগতে তদন্তকাৰী সংস্থাটোৱে জেৰা আৰম্ভ কৰে। উল্লেখ্য যে অনলাইন ট্রেডিঙৰ নামত কম দিনতে অধিক লাভৰ স্বপ্ন দেখুৱাই একাংশ বিনিয়োগকাৰীৰ ধন দীপাংকৰৰ লগতে চুমি-বিশাল আৰু তার্কিকে লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ প্রান্তে প্রান্তে ট্রেডিঙৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে সমগ্র ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে কেইবাটাও গোচৰ ৰুজু কৰে। কিন্তু এই ট্রেডিং কেংলকাৰিয়ে সমগ্ৰ ৰাজ্যতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে ৰাজ্য চৰকাৰে ইয়াৰ তদন্তৰ ভাৰ চিবিআইক অর্পণ কৰিবলৈ সিদ্ধান্ত লয়। ইয়াৰ ভিত্তিতে ৰাজ্যত ৰুজু হৈ থকা গোচৰসমূহৰ তদন্তৰ দায়িত্ব কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা চিবিআয়ে গ্ৰহণ কৰে। ঘটনাপ্রৱাহত ডেৰমাহ ধৰি আত্মগোপন কৰি থকা দীপাংকৰ বৰ্মনক মহানগৰ আৰক্ষীয়ে গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পল্টনবজাৰ থানাত আন এটা গোচৰ ৰুজু কৰি গোৱাৰ পৰা ট্রেনজিট ৰিমাণ্ডত অনা দীপাংকৰক মহানগৰ আৰক্ষীয়ে ৭ দিনৰ বাবে নিজৰ জিম্মাত লাভ কৰে। দীপাংকৰৰ জিম্মা শেষ হোৱাত তেওঁক পুনৰ কামৰূপ মহানগৰৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। সেইমৰ্মে আদালতৰ পৰা দীপাংকৰক পোনে পোনে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। কিন্তু কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে চিবিআয়ে দীপাংকৰক নিজৰ জিম্মাত লৈ তেওঁলোকৰ কার্যালয়লৈ লৈ আহে। সমান্তৰালভাৱে অনলাইন ট্রেডিং কেলেংকাৰি সন্দৰ্ভত ৰুজু হোৱা আন এটা গোচৰত চিবিআয়ে চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকনকো জিম্মাত লয়। ইয়াৰ পূৰ্বেও বিশাল ফুকনক চিবিআয়ে তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈ সোধা- পোছা কৰিছিল। ইপিনে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ট্রেডিং কেলেংকাৰিৰ আন এজন অভিযুক্ত ৰঞ্জিত কাকতিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰঞ্জিত কাকতিৰ জামিন মঞ্জুৰ কৰে। সম্প্ৰতি চিবিআইৰ গোচৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আছিল ৰঞ্জিত কাকতি। ট্রেডিং এফ এক্স নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে একাংশ বিনিয়োগকাৰীক লুণ্ঠন কৰাৰ অভিযোগ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে উত্থাপন হৈছিল।