দীপলিনা ডেকালৈ শিলগুটি নিক্ষেপ

Pc Pinterest

দীপলিনা ডেকালৈ শিলগুটি নিক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা- নাৰায়ণপুৰৰ টেঙাপথাৰত আয়োজিত ৰাসোৎসৱৰ অনুষ্ঠানৰ মাজতে সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি।অনুষ্ঠানত মাজতে একাংশ উদণ্ড লোকে শিল্পীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে।উক্ত অনুষ্ঠানত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাত অভিনয় কৰিছিল দীপলিনাই।দৈৱকীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল দীপলিনা ডেকাই।দীপলিনাৰ অভিনয়ৰ সময়ত একাংশ উদণ্ড যুৱকে প্ৰেক্ষাগৃহলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত প্ৰেক্ষাগৃহত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।এই অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আধাতে বন্ধ কৰিবলগীয়া হয় ৰাসৰ অনুষ্ঠান।