দীঘলী পুখুৰী – জ্যোৎস্না ৰানী বেগম

দীঘলী পুখুৰী
জ্যোৎস্না ৰানী বেগম
এয়াই টো দীঘলী পুখুৰীৰ পাৰ
ঐতিহাসিক মিলনৰ স্থান
কবিতা কবিতা লগা এটি গধুলী
এটি ঠিকনা দীঘলী পুখুৰীৰ পাৰ
কলেজীয়া প্ৰেমৰ তাতেই মেলে কুঁহিপাত
কোনো ডেকা -গাভৰুৰ নৌকা বিহাৰ চাওঁ
দীঘলী পুখুৰীৰ পাৰ ডেকা – গাভৰুৰ মান -অভিমান
নিতৌ থাকে তাত প্ৰেমৰ কবিতা কবিতা লগা এটি গধুলী
পদপথৰ দাঁতিত শিৰিখ গছৰ ছাঁ
সন্ধিকৈ কলেজৰ ছোৱালীৰ ভীৰ
মনত ৰৈ যোৱা কালি কালি লগা স্মৃতি
দীঘলী পুখুৰীৰ পাৰ প্ৰেম আৰু প্ৰতিশ্ৰুতিৰ এক অলিখিত ইতিহাস
এতিয়া হেনো নামটোকে গুচাই ৰজা ঘৰীয়াই
পৰিবৰ্তনৰ নামত বুৰঞ্জীকে সলায়।