দীঘলী পুখুৰীৰ গছ আকৌ কিয় কটা হ’ল? – সমুজ্জ্বল ডেকা

দীঘলী পুখুৰীৰ গছ আকৌ কিয় কটা হ’ল?

সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

গছে আমাক অক্সিজেন প্ৰদান কৰে। বৃক্ষ কটা মানে প্ৰকৃতাৰ্থত জীৱক হত্যা কৰা, কিন্তু যোৱা বছৰ অৰ্থাৎ ২০২৪ বৰ্ষত দীঘলী পুখুৰীৰ পাৰত গছ কটাৰ বিৰূদ্ধে ছাত্ৰ সমাজে আন্দোলনৰ জোৱাৰ তুলিছিল। তাৰ পৰিপ্ৰেক্ষিতত অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে উৰণ সেতু নিৰ্মাণ কৰাৰ নিমিত্তে দীঘলী পুখুৰীৰ পাৰত অৱস্থিত গছ কটা নহয়। বৃক্ষ ছেদ কৰাৰ পৰিৱৰ্তে নুনমাটিলৈকে নিৰ্মাণ হৈ থকা উৰণ সেতুখনৰ দৈৰ্ঘ্য হ্ৰাস কৰা হ’ব বুলি তেখেতে মন্তব্য আগবঢ়াইছিল। কিন্তু একবিংশ শতিকাৰ এই ২০২৫ বৰ্ষত দেখা গৈছে নিশাৰ আন্ধাৰত প্ৰশাসনে গোপনে চলাইছে প্ৰকৃতিৰ ধ্বংসলীলা। ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ এফালৰ পৰা কাটি পেলোৱা হৈছে পুৰণিকলীয়া গছ। নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণ সেঁতু নিৰ্মাণৰ বাবে প্ৰশাসন নামিছে ধ্বংসযজ্ঞত। কৰ্মকৰ্তাক গছ কটাৰ কথা সুধিলে পলায়ন কৰে। ইয়াৰ উচিত সমাধান বিচাৰি এজন সচেতন ছাত্ৰ হিচাপে চৰকাৰক আহ্বান জনালোঁ।