ৰঙিলী বাৰ্ত্তাসেৱা- উৰণ সেতু নিৰ্মাণৰ বাৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছসমূহ কটাৰ প্ৰসংগক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে আহিল এটা ভাল খবৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক জাননী জাৰি কৰি গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰৰ কেইবাটাও শতিকা পুৰণি গছ কাটি প্ৰস্তাৱিত উৰণ সেতু নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তক লৈ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ১১ নবেম্বৰৰ ভিতৰত দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়ক লৈ চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত উৰণ সেতুখন নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰৰ কেইবাজোপা শতবৰ্ষ পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । তাৰ পিছতে সচেতন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত মঙলবাৰে চৰকাৰলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে । আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দৰ্শোৱা জেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে কয়,”দীঘলীপুখুৰীৰ গছ কটা সন্দৰ্ভত ১১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব চৰকাৰে । এই সময়ছোৱাৰ ভিতৰত চৰকাৰৰ বিকল্প পৰিকল্পনাৰ সবিশেষ জনাব লাগিব । ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ।” উল্লেখ্য, নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল কেইগৰাকীমান সচেতন নাগৰিকে । গোচৰটোত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তিৰ দৰ্শোৱাৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাই মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ।