দিশহাৰা জীৱন – চিমী বৰুৱা

Pc Unsplash

দিশহাৰা জীৱন 

 চিমী বৰুৱা,মৰিগাঁও চৰাইবাঁহী

কেতিয়াবা মন হয়,
জীৱনটো যেন পথ হেৰাই গৈছে।
মানুহৰ মাজত থাকিলেও
একাকী লাগে ।
কি কৰিম, ক’ত যাম—
এতিয়া যেন সকলো প্ৰশ্ন,
কিন্তু কোনো উত্তৰ নাই।
নিজেও বুজি নাপাও
কি ঠিক, কি ভুল।
মনৰ ভিতৰটো
খালি খালি লাগে।
কথা ক’বলৈ খুজিলেও
শব্দ নাহে।
তথাপি,
এই দুখৰ মাজতো
এটা সৰু আশা থাকে,
যেন কোনোবাই চুপচাপে
আমাক ধৰি ৰাখিছে।
সম্ভৱত—
এই পথভ্ৰষ্ট অনুভৱো
এদিন আমাক
নতুন পথ দেখুৱাই নিব।