দিল্লী বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত ‘আপত্তিজনক’ পোষ্ট কৰা ১৫ জনক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ লালকিল্লাত হোৱা বিস্ফোৰণৰ পিছতে বোমা বিস্ফোৰণৰ ঘটনাক সমর্থন কৰি সামাজিক মাধ্যমযোগে আপত্তিজনক পোষ্ট তথা মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে অসম আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে আৰু ৯জনক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ ১৫জন লোকৰ নামৰ তালিকা প্ৰকাশ কৰি এনেধৰণৰ সমাজ তথা দেশবিৰোধী কার্যকলাপত লিপ্ত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- দিল্লী বিস্ফোৰণৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট তথা উচটনিমূলক মন্তব্যৰ সৈতে জড়িত হোৱাৰ অপৰাধত সমগ্ৰ অসমতে এতিয়ালৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি গ্ৰেপ্তাৰ কৰা ৬জনৰ পিছত নিশাৰ ভিতৰতে আজি বঙাইগাঁৱৰ ৰফিকুল আলী, হাইলাকান্দিৰ ফৰিদউদ্দিন লস্কৰ, লখিমপুৰৰ ইনামূল ইছলাম আৰু ফিৰোজ আহমেদ ওৰফে পাপু, বৰপেটাৰ শাহিন শ্বোমান শিকদাৰ ওৰফে শহিদুল ইছলাম আৰু ৰকিবুল চুলতান, হোজাইৰ নাছিম আক্রাম, কামৰূপৰ তাছলিম আহমেদ আৰু দক্ষিণ শালমাৰাৰ আব্দুৰ ৰহিম মোল্লা ওৰফে বাপ্পী হুছেইন। আনহাতে সন্ত্রাসবাদৰ সমৰ্থন বা হিংসাক প্রশ্রয় দিয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষী আপোচহীন হৈ আছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে দিল্লীৰ বিস্ফোৰণৰ পিছত এই ঘটনাক আদৰণি জনাই সামাজিক মাধ্যমত মন্তব্য দিয়া লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিছিল। এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৩৫জন লোকক চিনাক্ত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক পৃথক সাক্ষাৎকালত মুখ্যমন্ত্রী ড° শর্মাই কয়- বহুতে এতিয়া নিজৰ পোষ্ট ডিলিট কৰিছে। কিন্তু আমি স্ক্রীনশ্বট লৈছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ অভিযোগ কৰি কয় যে সেই একেটা গোটৰ লোকসকলেই জুবিন ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি এতিয়া দিল্লী বিস্ফোৰণক আদৰণি জনাই সামাজিক মাধ্যমত মন্তব্য কৰিছে। আনহাতে সামাজিক মাধ্যমযোগে কোনো লোকৰ ডিভাইচ ব্যৱহাৰ কৰি কোনো নাবালকে এনে মন্তব্য কৰিলে বা পোষ্ট কৰিলে সেই নাবালক গ্ৰেপ্তাৰ নহ’ব বুলি স্পষ্ট ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
