দিল্লী বিস্ফোৰণৰ ষড়যন্ত্ৰত জড়িত থকাসকলক ৰেহাই দিয়া নহ’বঃ প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্রধানমন্ত্রী মোদীক ভূটানৰ বিমানবন্দৰত উষ্ণ আদৰণি জনায়। ভূটানৰ চতুৰ্থ ৰজা জিগমে সিংগে ৱাংচুকৰ ৭০সংখ্যক জন্মবার্ষিকীত অংশগ্রহণ কৰিবলৈয়ে মুখ্যতঃ ভূটানলৈ গৈছে প্রধানমন্ত্রী মোদী। সমান্তৰালভাৱে মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। ইয়াৰ উপৰি পুনাতসাংচু ২ জলবিদ্যুৎ প্রকল্পৰ উদ্বোধনো এই ভ্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হ’ব বুলি ধাৰণা কৰা হৈছে। এই প্রকল্প আৰম্ভ হ’লে দুয়োখন দেশৰ বিদ্যুৎ উৎপাদন আৰু বাণিজ্য আৰু অধিক শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে। ভূটানৰ ৰ ৰাজধানী থিম্পুত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত ষড়যন্ত্রকাৰীলৈ কঠোৰ সতর্কবাণী প্ৰদান কৰে। প্রধানমন্ত্রী মোদীয়ে স্পষ্টকৈ জনায় যে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত ষড়যন্ত্রকাৰীসকলে ৰক্ষা নাপাব। তেওঁ কয়- “আজি মই ইয়াত অতি ভাৰাক্ৰান্ত মন লৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়াৱহ ঘটনাই সকলোৰে মনত যন্ত্ৰণাৰ সৃষ্টি কৰিছে। আক্ৰান্তসকলৰ পৰিয়ালৰ দুখ মই বুজোঁ। আজি গোটেই দেশ তেওঁলোকৰ কাষত আছে। কালি ৰাতিৰ পৰা মই তদন্তৰ সৈতে জড়িত সকলো সংস্থা আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ ৰাখিছিলোঁ। আলোচনাও কৰিছোঁ। আমাৰ সংস্থাসমূহে এই ঘটনাৰ মূল পর্যন্ত উপনীত হ’ব। ষড়যন্ত্রকাৰীসকলে ৰেহাই নাপাব।”
