দিল্লী বিস্ফোৰণক লৈ উচটনিমূলক পোষ্টক কৰি অসমত ৫জনলোক আৰক্ষীৰ জালত

Pc Northeast Now

দিল্লী বিস্ফোৰণক লৈ উচটনিমূলক পোষ্টক কৰি অসমত ৫জনলোক আৰক্ষীৰ জালত

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণৰ পিছতে অসমত উত্তেজনা বিয়পাবলৈ চেষ্টা একাংশৰ। দিল্লী বিস্ফোৰণৰ ঘটনাৰ পটভূমিত অসম আৰক্ষীয়ে অনলাইন মাধ্যমত আপত্তিজনক আৰু উচটনিমূলক বার্তা প্ৰচাৰ কৰাৰ অভিযোগত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকল হ’ল ক্ৰমে দৰঙৰ মতিউৰ ৰহমান ,গোৱালপাৰাৰ হাছান আলী মণ্ডল ,চিৰাঙৰ আব্দুল লতিফ , কামৰূপৰ ৰাজহুল কামাল আৰু বঙাইগাঁওৰ নূৰ আমিন আহমেদ । সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণা, বিভাজনমূলক ভাবধাৰা বা সন্ত্রাসবাদক উৎসাহিত কৰা যিকোনো কার্যত জড়িত ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰ আৰু তৎপৰতাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অসম আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে লগতে জনতাক আহ্বান জনাইছে যাতে সামাজিক মাধ্যমত কোনো তথ্য বা উচটনিমূলক বিষয় শ্বেয়াৰ নকৰিব, কাৰণ এনে কামে সমাজত বিভেদ আৰু অশান্তি সৃষ্টি কৰে।