দিল্লী বিশ্ববিদ্যালয়ৰ সন্ধানহীন ছাত্ৰীৰ মৃতদেহ যমুনা নদীৰ পাৰত উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত ছয় দিন ধৰি নিৰুদ্দেশ হৈ থকা দিল্লী বিশ্ববিদ্যালয়ৰ ১৯ বছৰীয়া ছাত্ৰী স্নেহা দেৱনাথৰ মৃতদেহ উদ্ধাৰ। কেইটামান দিন পূৰ্বে দিল্লীৰ চিগনেচাৰ ব্ৰীজৰ পৰা নিৰুদ্দেশ হৈছিল উত্তৰ-পূবৰ যুৱতী স্নেহা দেৱনাথ। পৰিয়াল আৰু আৰক্ষীয়ে বিচাৰ খোচৰ কৰাৰ অন্তত দেওবাৰে সন্ধিয়া স্নেহাৰ মৃতদেহ গীতা কলনীৰ উৰণীয়া সেতুৰ সমীপৰ যমুনা নদীৰ পৰা উদ্ধাৰ হয়।জানিব পৰা মতে, যোৱা ৭ জুলাইত নিৰুদ্দেশ হৈছিল ত্ৰিপুৰাৰ স্নেহা নামৰ যুৱতীগৰাকী। তাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকে দিল্লীৰ মেহৰৌলী আৰক্ষী থানাত নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰে। যোৱা ৭ দিন ধৰি আৰক্ষীয়ে স্নেহাক বিচাৰি অভিযান অব্যাহত ৰাখিছিল। অৱশেষত ১৩ জুলাইত গীতা কলনীৰ উৰণীয়া সেতুৰ সমীপত আৰক্ষীয়ে স্নেহাৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্নেহাৰ মৃতদেহৰ সমীপতে আৰক্ষীয়ে উদ্ধাৰ কৰে এটা টোকা। এই টোকাত লিখা আছে- “মই মোৰ জীৱন এৰি আহিলো। মই নিজকে বহুত অফল আৰু বোজা অনুভৱ কৰিছো। মোৰ বাবে এনেদৰে জীয়াই থকাটো অসহনীয় হৈ পৰিছে। এই সিদ্ধান্ত মোৰ নিজৰ। ইয়াত কাৰো দোষ নাই। নাই কাৰো ষড়যন্ত্ৰ অথবা চাপ।” স্নেহা দেৱনাথ মূলতঃ ত্ৰিপুৰাৰ বাসিন্দা। তেওঁ দক্ষিণ দিল্লীৰ মেহৰৌলি থানা এলেকাৰ পৰৱৰণ কমপ্লেক্সত বাস কৰিছিল। ৭ জুলাইত তেওঁ মাতৃক জনাইছিল যে তেওঁ বন্ধু পাটুনিয়াক ষ্টেচনত থৈ আহিব। ইয়াৰ পিছত স্নেহা ঘৰলৈ উভতি অহা নাছিল। ইয়াৰ পাছতে পৰিয়ালে স্নেহাক বিচৰা আৰম্ভ কৰিছিল আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ কথা জানিব পৰা গৈছে। অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।