দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলে যুঁজিব
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলে যুঁজিব। ইণ্ডিয়া আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কোনো সম্ভাৱনা নাই। এই কথা সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে।আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ আৰু আপে উমৈহতীয়াকৈ যুঁজ দিব বুলি চৰ্চা চলি আছিল যদিও, এই চৰ্চা শেহতীয়াকৈ অন্ত পেলালে অৰবিন্দ কেজৰিৱালে। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে স্পষ্ট কৰি দিলে যে, আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত নিজৰ শক্তিৰ যুঁজ দিব আপে। কংগ্ৰেছ নাইবা আন কোনো দলৰ সৈতে মিত্ৰতাৰ কথা ইয়াত আহিবই নোৱাৰে। কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাৰ চৰ্চা একেবাৰে ভিত্তিহীন। দিল্লীত চতুৰ্থবাৰৰ বাবে আপে চৰকাৰ গঠন কৰিবলৈ গৈ আছে।উল্লেখ কৰা প্ৰয়োজন যে, যোৱা কেইদিনমানৰ কেজৰিৱালে দিল্লীৰ বিধানসভা নিৰ্বাচন বিৰোধী ঐক্য ইণ্ডিয়াৰ লগত একেলগে খেলিব বুলি ওলোৱা বাতৰিটোক উৰা বাতৰি বুলি কৈছে অৰবিন্দ কেজৰিৱালে। ইয়াৰ পূৰ্বে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰই দাবী কৰিছিল যে আপে কংগ্ৰেছক ১৫খন আসন দিব। তাৰ লগতে আন দলসমূহক আৰু ১ৰ পৰা ২খন আসন দিয়া হ’ব। বাকীবোৰত আপে যুঁজিব। কিন্তু শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে কয় যে ‘আম আদমী পাৰ্টিয়ে নিজৰ শক্তি অনুযায়ী দিল্লী নিৰ্বাচনত অকলে যুঁজিব। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নাই।