দিল্লীৰ কেথেড্রেল চার্চত  পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ প্রধানমন্ত্রী

দিল্লীৰ কেথেড্রেল চার্চত  পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ প্রধানমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ বিশ্বৰ লগতে ভাৰততো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে বৰদিন উদযাপন কৰে। কেৰল আৰু ঘণ্টাৰ শব্দৰে মুখৰিত হৈছে দেশৰ গীৰ্জাসমূহ । প্ৰতিটো গীৰ্জাতে বৰদিনৰ বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে ।প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে পিছত নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰে- ‘এই সেৱাই প্রেম, শান্তি আৰু দয়াৰ সীমাহীন বার্তাকে প্রতিফলিত কৰে। বৰদিনৰ এই উদ্যমে আমাৰ সমাজখনক সম্প্রীতি আৰু সদিচ্ছাৰ বাবে অনুপ্রাণিত কৰক।