দিল্লীৰ কছমছ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড 

দিল্লীৰ কছমছ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড 

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ আনন্দ বিহাৰস্থিত কছমছ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত অতিকমেও এজন লোক নিহত হোৱাৰ লগতে ১০ জন আহত হৈছে। অগ্নিনির্বাপক বাহিনীৰ বিষয়াই প্ৰকাশ কৰা মতে, দিনৰ ১২.২০ বজাত কছমছ হাস্পতালত জুই লাগে বুলি তেওঁলোকে খবৰ লাভ কৰাৰ পিছতে ঘণ্টাৰ ভিতৰতে ৫খন গাড়ীৰে অগ্নিনির্বাপক বাহিনীৰ জোৱান উপস্থিত হয়। ভূ-মহলাৰ ছাৰ্ভাৰ ৰুমৰ পৰা অগ্নিকাণ্ডৰ সূত্রপাত হৈ সমগ্র অট্টালিকাটোতে বিয়পি পৰে। অগ্নিকাণ্ডৰ সময়ত আহত ১১ ৰোগীক ওচৰৰে পুষ্পাঞ্জলি হাস্পতাললৈ প্রেৰণ কৰা হয়।