দিল্লীবাসীয়ে আমাক হৃদয় উজাৰি আশীৰ্বাদ কৰিছেঃ প্ৰধানমন্ত্ৰী

দিল্লীবাসীয়ে আমাক হৃদয় উজাৰি আশীৰ্বাদ কৰিছেঃ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  শাসকীয় আপক উৎখাত কৰি সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীৰ মচনদ দখল কৰিলে বিজেপিয়ে। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে গেৰুৱা হৈ উঠিল দিল্লীৰ ৰাজপথ। বিজয়ৰ আনন্দ উৎসৱত ৰঙীন হ’ল নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়।দলীয় নেতা-কর্মীয়ে পুষ্পাঞ্জলি ৰঙৰ ফাকু খেলি আনন্দ উৎসৱৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী মুখ্য কার্যালয়ত উপস্থিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক মুখ্য কাৰ্যালয়লৈ আদৰণি জনাই অনাৰ সময়ত ‘মোদী মোদী’, ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখৰ হয় চৌপাশ। দলীয় নেতা-কর্মীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত বিজেপিৰ বিশাল জয়ৰ বাবে দলীয় নেতা-কর্মীৰ শ্ৰমক ধন্যবাদ আৰু প্ৰশংসা কৰে। ‘যমুনা মাই কি জয়’ ধ্বনিৰে ভাষণ আৰম্ভ কৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, আজি দিল্লীবাসীয়ে অতি উৎসাহিত আৰু স্বস্তি লাভ কৰিছে। দিল্লীক আপ-দাৰ পৰা মুক্ত কৰাৰ উৎসাহৰ আনন্দৰ ধল বৈছে। দিল্লীবাসীয়ে আমাক হৃদয় উজাৰি আশীৰ্বাদ কৰিছে। এই বিশ্বাসেই ডাব্‌ল ইঞ্জিনৰ চৰকাৰ দিলে। ইপিনে পৰাস্ত আপ আৰু কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, দিল্লীবাসীয়ে শ্বৰ্টকাটৰ ৰাজনীতিত শ্বর্ট ছার্কিট কৰিলে। বিজেপিৰ জয়ৰ পিছত শাসকীয় আপক ‘বেইমান’ আখ্যা দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিধানসভাৰ প্ৰথম অধিৱেশনতে কেগৰ প্ৰতিবেদন প্রকাশ কৰি দুর্নীতিকাৰীক শাস্তিৰ প্রতিশ্রুতি দিয়ে। ঐতিহাসিক জয়ৰ বাবে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘সব কা সাথ, সব কা বিকাশ’ৰ লক্ষ্যৰে আগবাঢ়ি যাব বিজেপিৰ চৰকাৰ। আপক আক্ৰমণৰ লক্ষ্য কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, দিল্লীত আড়ম্বৰ, অৰাজকতা আৰু আপ-দাৰ ৰাজনীতি হাৰি গৈছে। জনাদেশে এয়া স্পষ্ট কৰি দিছে যে ৰাজনীতিত শ্বৰ্টকাট আৰু মিথ্যাচাৰৰ কোনো স্থান নাই। হাৰিয়ানাৰ পিছত মহাৰাষ্ট্ৰত নতুন ইতিহাস গঢ়ি এইবাৰ দিল্লীতো ইতিহাস গঢ়িলে বিজেপিয়ে। দিল্লীৰ মহিলাক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ কয় যে ওড়িশা, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত নাৰী শক্তিয়ে আমাক আশীৰ্বাদ কৰিছে। আমি যি প্রতিশ্রুতি দিছিলোঁ, সেয়া পালন কৰিছোঁ। দিল্লীত দিয়া প্রতিশ্রুতিও পালন কৰিম। এয়া মোদীৰ গেৰাণ্টী।

যমুনাৰ প্ৰসংগত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ শাস্ত্ৰত যমুনাৰ পৱিত্ৰৰ কথা আছে। কিন্তু সেই যমুনাকে আপ-দাই অপমান কৰিছে। আমি প্রতিশ্রুতি দিছোঁ। দিল্লী চহৰৰ নতুন পৰিচয় হৈ উঠিব যমুনা নদীত।আনপিনে কংগ্ৰেছক পৰজীৱী আখ্যা দি নির্বাচনত নিজেই হাৰে আৰু আনকো হৰুৱায় বুলি তুলাধুনা দিয়ে প্রধানমন্ত্রী মোদীয়ে। কংগ্ৰেছে ৬বাৰ দিল্লীৰ নিৰ্বাচনত খাটা খুলিব পৰা নাই বুলি সমালোচনা কৰি দলটোৱে পৰাজয়ৰ সোণৰ পদক লাভ কৰিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে। সমগ্র দেশৰ নিৰ্বাচন দেখিলেই কংগ্ৰেছৰ স্থিতি স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে পৰজীবী দলটোৱে নিজৰ লগতে এটাৰ পিছত এটা সহযোগী দলকো নিঃশেষ কৰি আছে।