দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সম্পৰ্কত হয় দুয়োৰে আলোচনা। অসমৰ ৰে’লখণ্ডৰ সামগ্রিক উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাট মুকলি কৰি কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ নতুন ৰে’ল প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে। অসমলৈ অহা-যোৱা কৰা এই তিনিখন অমৃত ভাৰত ৰে’লৰ যোগেদি অসমৰ যাত্ৰীসকলৰ সুবিধা আৰু আন্তঃৰাজ্যিক যাত্ৰাৰ উন্নতিৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। অসমলৈ অহা-যোৱা কৰা এই তিনিখন অমৃত ভাৰত ৰে’লৰ প্ৰৱৰ্তনৰ কথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদৰী কৰিছে । কেন্দ্ৰীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱৰ সৈতে হোৱা এক ফলপ্রসূ তথা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পিছতে অসমলৈ নতুন ৰে’লৰ ব্যৱস্থাৰ লগতে আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনা হোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ যাতায়াত ব্যৱস্থাক অধিক সুশৃংখলিত কৰাৰ প্ৰচেষ্টাৰে অসমৰ ৰে’লৱে ব্যৱস্থাৰ সম্প্ৰসাৰণ তথা অন্য বিষয়ক কেতবোৰ আলোচনা কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়-আমাৰ জনসাধাৰণৰ বাবে সামগ্রিক সংযোগ বৃদ্ধিৰ বাবে অসমৰ ৰে’লৱে পথ সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয়ক লৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে মিলিত হওঁ। এই আলোচনাকালত লোৱা সিদ্ধান্ত অনুসৰি অসমলৈ অহা-যোৱা কৰা তিনিখন নতুন অমৃত ভাৰত ৰে’ল মুকলি কৰাটোৱে যাত্ৰীৰ সুবিধা আৰু আন্তঃৰাজ্যিক যাত্ৰাৰ উন্নতিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ অত্যাধুনিক আৰ্হি, আৰামদায়ক আৰু যাত্ৰীৰ বাবে ব্যয়সাধ্য এই অমৃত ভাৰত এক্সপ্ৰেছৰ মূল লক্ষ্য হৈছে চহৰসমূহৰ মাজত দীর্ঘদূৰত্বৰ মাজত ৰে’ল শক্তিশালী কৰা। তাৰ উপৰি মনোমোহা চহৰ উমৰাংছ’ৰ পৰা হোজাই জিলাৰ লংকালৈ নতুন ৰে’লপথৰ সংযোগ স্থাপন হোৱাৰ লগতে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটীলৈ নতুন ৰে’লপথৰ কাম ক্ষিপ্ৰতাৰে কৰাৰো সিদ্ধান্ত লোৱা হয়। তাৰ উপৰি বৈঠকত অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰে’লগাড়ীৰ ষ্টপেজৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। এই সিদ্ধান্তসমূহৰ জৰিয়তে আন্তঃৰাজ্যিক সীমা অতিক্ৰম কৰি বাণিজ্য আৰু পৰ্যটনৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব। অসম যাতে উন্নয়নৰ পথত আগুৱাই যাব পাৰে, তাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে দায়ৱদ্ধ হৈছে বুলি এই আলোচনাত স্পষ্ট হৈছে আৰু বৈঠকত লোৱা সিদ্ধান্তসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্মতি প্রকাশ কৰিছে।