দিল্লীত ৩ জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ অমিত শ্বাহৰে বৈঠক মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত ৰাভা, মিচিং, তিৱা জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ বাবে দীর্ঘদিন ধৰি উঠি থকা দাবী সন্দর্ভত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণোজ পেণ্ডৰ উপস্থিতিত তিনি জনগোষ্ঠীৰ প্ৰতিনিধিৰে হোৱা এই আলোচনাত তিনিওটা জনগোষ্ঠীক সাংবিধানিক মর্যাদা দিয়াৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয়। তিনিওটা জনগোষ্ঠীৰ সৈতে হোৱা পৃথকে পৃথকে আলোচনাৰ অন্তত গৃহমন্ত্রী অমিত শ্বাহে সমগ্র বিষয়টো দল-সংগঠনৰে হোৱা আলোচনাৰ অন্তত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ সন্দৰ্ভত চাৰি-পাঁচটা স্তৰত আলোচনা অনুষ্ঠিত হ’ব লাগিব বুলি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ বুলিও মত প্রকাশ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে ৰাজ্য চৰকাৰে তিনিওটা স্বায়ত্তশাসিত পৰিষদ ক্রমে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ এই তিনিওখনকে সাংবিধানিক মর্যাদা দিয়াৰ বাবে এক প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। এইক্ষেত্ৰত চৰকাৰে ষষ্ঠ অনুসূচীৰ কথা উল্লেখ কৰাৰ পৰিৱৰ্তে সাংবিধানিক মর্যাদা দিয়াৰ কথাহে উল্লেখ কৰিছিল। এই প্ৰস্তাৱৰ আলম লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিওখন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয়। এইক্ষেত্রত গৃহমন্ত্রীয়ে উল্লেখ কৰে যে দেশৰ অন্য প্রান্ততো ষষ্ঠ অনুসূচীৰ দাবী উত্থাপন হৈ আছে। গতিকে বিষয়টো সকলো দল-সংগঠনৰ সৈতে আলোচনা কৰিব লাগিব আৰু আলোচনা কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে অতি সোনকালে মধ্যস্থতাকাৰী নিয়োগ কৰিব। এই মধ্যস্থতাকাৰীয়ে সকলো দল-সংগঠনৰ সৈতে আলোচনা কৰি কেনেধৰণে সাংবিধানিক মর্যাদা দিব পৰা যায় অথবা এই সমস্যাটো কিধৰণে সমাধান কৰিব পাৰি, তাৰ পথ মুকলি কৰিব। ডাঃ ৰণোজ পেগুৱে ইয়াকো উল্লেখ কৰে যে ১৯৯৫ত ৰাজ্যত তিনিখন স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল। পৰৱৰ্তী সময়ত ২০০৫ত পৰিষদ গঠন হৈছিল আৰু শেহতীয়াকৈ কেইবাখনো পৰিষদ গঠন হৈছে। বর্তমান অসম চৰকাৰে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছে, সেয়া মাত্ৰ ৰাভা, মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ বাবেহে। সেই প্রস্তাৱত সাংবিধানিক মর্যাদা পৰিষদসমূহক দিয়াৰ বাবে উল্লেখ কৰা হৈছিল। এই পৰিপ্ৰেক্ষিততে গৃহমন্ত্ৰী অমিত শ্বাহে মধ্যস্থতাকাৰীৰ জৰিয়তে বিষয়টোৰ আলোচনা আগুৱাই নিব। এই বৈঠকত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কায্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে জনগোষ্ঠী তিনিটাৰ ছাত্ৰ আৰু মহিলা সংগঠনসমূহৰ প্ৰতিনিধিও উপস্থিত আছিল।
